New Update
- লোকসভাৰ মজিয়াত ক্ষমা খুজিলে সমাজবাদী পাৰ্টীৰ সাংসদ আজম খানে।
- বিজেপি সাংসদ ৰামা দেৱীক লৈ কৰা আপত্তিজনক মন্তব্যক লৈ সদনত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পিছতে ক্ষমা খোজে আজম খানে।
- 'লোকসভাৰ সদস্য সকলক আঘাত দিয়াৰ উদ্দেশ্য মোৰ নাছিল।'
- 'মোৰ ভাষণ আৰু আচৰণৰ বিষয়ে সদনে জানে।'
- 'ইয়াৰ পিছতো যদি সদনৰ সদস্যসকলে ভাৱে যে মই ভুল কৰিছো, তেন্তে তাৰ বাবে ক্ষমা বিচাৰিছো।'
- লোকসভাত ক্ষমা বিচাৰি এইদৰে মন্তব্য কৰে আজম খানে।
- ইফালে বিজেপি সাংসদ ৰামা দেৱীয়েও প্ৰতিক্ৰিয়া ব্যক্ত কৰে সদনত।
- 'আজম খানৰ মন্তব্যই পুৰুষ আৰু মহিলা উভয়কে সমানে আঘাত কৰিছে।'
- 'কিন্তু তেওঁ সেয়া নুবুজিব।'
- 'কাৰণ তেওঁৰ স্বভাৱেই তেনেকুৱা।'
- 'প্ৰয়োজনাধিক স্খলিত তেওঁৰ আচৰণ।'