ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰত তীব্ৰ হৈছে আজান বিতৰ্ক। মছজিদত আজান দিয়াৰ সময়ত লাউডস্পীকাৰৰ জৰিয়তে উচ্চ স্তৰত আজান দিয়া বিষয়টোৱে এই কেইদিন ৰাজনীতি গৰম কৰি আছে। আনহাতে কৰ্ণাটকত এই বিতৰ্কই নতুন ৰূপ লাভ কৰিছে। কৰ্ণাটক চৰকাৰে ইতিমধ্যে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।
মছজিদত লাউডস্পীকাৰ লগৱো বিষয়টোত শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতে কয় যে, মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰীয়ে এই বিষয়ত এক জাননী জাৰি কৰিছে। জাননীখনত কোৱা হৈছে আজান দিয়াৰ সময়ত শব্দৰ স্তৰ কিমান হ'ব লাগিব। যিসকলে এই জাননীৰ নিৰ্দেশনা অমান্য কৰিলে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৰাজ ঠাকৰেই মহাৰাষ্ট্ৰৰ মছজিদৰ পৰা লাউদস্পীকাৰ আঁতৰোৱাৰ দাবী তুলিছিল।তেওঁ হুংকাৰ দিছিল যে, মছজিদৰ পৰা লাউডস্পীকাৰ আঁতৰ নকৰিলে তেওঁৰ দলৰ কাৰ্যকৰ্তাই মছজিদৰ সন্মুখত উচ্চ স্তৰত হনুমান চালিছা বজাব।
দৰাচলতে কৰ্ণাটকত হিন্দু সংগঠনসমূহে মছজিদৰ পৰা লাউডস্পীকাৰ আঁতৰোৱাৰ দাবী উত্থাপন কৰিছিল। এই দাবীৰ পিছতে চৰকাৰেও সংগঠনসমূহৰ এই দাবীক সমৰ্থন কৰিছিল। অৱশ্যে কৰ্ণাটক চৰকাৰে এই সন্দৰ্ভত তৎকালিন ভাৱে ব্যৱস্থা গ্ৰহণ কৰাৰ পৰা বিৰত আছে। চৰকাৰে কৈছে যে সকলো আইনী প্ৰক্ৰিয়াৰ মাজেৰে ব্যৱস্থা লোৱা হ'ব।
কৰ্ণাটক চৰকাৰে ৰাজ্যখনৰ সকলো মছজিদলৈ এই সন্দৰ্ভত জাননী প্ৰেৰণ কৰিছে। ইয়াৰ পিছতে ৰাজ্যখনৰ মছজিদসমূহত শব্দ জোখা যন্ত্ৰ ব্যৱহাৰৰ ব্যৱস্থা কৰা হৈছে। জানিব পৰা মতে বেংগালুৰুৰ ২৫০ টাতকৈ অধিক মছজিদলৈ জাননী প্ৰেৰণ কৰিছে প্ৰশাসনে। এই সকলো মছজিদত শব্দৰ নিৰ্ধাৰিত স্তৰতকৈ অধিক পোৱা গৈছিল।
মন কৰিবলগীয়া যে ৰাজ ঠাকৰেই বিগত ২ এপ্ৰিলত মুম্বাইৰ দাদৰৰ শিৱাজী পাৰ্কত এক ভাষণত কৈছিল যে, যদি মছজিদৰ পৰা লাউডস্পীকাৰ আঁতৰ নকৰাই তেন্তে তেওঁৰ পাৰ্টী এম এন এছৰ কাৰ্যকৰ্তাই মছজিদৰ সন্মুখত উচ্চ স্তৰত হনুমান চালিছা পাঠ কৰিব। ৰাজ ঠাকৰেৰ এই হুংকাৰৰ পিছতে তেওঁৰ দলৰ একাংশ কাৰ্যকৰ্তাই মুম্বাইৰ কিছু স্থানত মছজিদৰ সন্মুখত হনুমান চালিছা উচ্চ স্তৰত বজাবলৈ আৰম্ভ কৰিছিল। মহাৰাষ্ট্ৰৰ পুনেতো অনুৰূপ ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰা গৈছে।
#WATCH | Maharashtra Home Minister has also issued a notice stating how much Decibel level should be there while observing Azaan, says Shiv Sena leader Sanjay Raut on 'Azaan loudspeaker' issue pic.twitter.com/MRaKMDWwse
— ANI (@ANI) April 7, 2022