আজিৰে পৰা অযোধ্য়াৰ ৰাম মন্দিৰত সলনি হৈছে দৰ্শন আৰু আৰতিৰ সময়

আজিৰে পৰা সলনি হৈছে অযোধ্য়াৰ ৰাম মন্দিৰত ৰাম লাল্লাৰ দৰ্শনৰ সময়। এতিয়াৰে পৰা ভক্তসকলে পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈকে চলিব ৰামলাল্লাক দৰ্শন কৰিব পাৰিব।

author-image
Asomiya Pratidin
New Update
gdffdfdf

ডিজিটেল ডেস্কঃ আজিৰে পৰা সলনি হৈছে অযোধ্য়াৰ ৰাম মন্দিৰত ৰাম লাল্লাৰ দৰ্শনৰ সময়। এতিয়াৰে পৰা ভক্তসকলে পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈকে চলিব ৰামলাল্লাক দৰ্শন কৰিব পাৰিব। শীতকালৰ আগমনৰ বাবে আজিৰে পৰা সলনি কৰা হৈছে এই নিয়ম। 

একেদৰে, আজিৰ পৰা ৰাম লাল্লাৰ আৰতিৰ সময়ো সলনি কৰা হৈছে। আৰতি আৰু প্ৰসাদৰ বাবে দুপৰীয়া এঘণ্টা বন্ধ থাকিব মন্দিৰৰ দুৱাৰ। ট্ৰাষ্টে প্ৰকাশ কৰিছে ৰাম লল্লাৰ দৰ্শনৰ নতুন সময়সূচী। সেই সময়সূচী অনুসৰি-

  • পুৱা ০৪:৩০ বজাত - মংগলা আৰতি
  • পুৱা ৬:৩০ বজাত শৃংগাৰ আৰতি
  • দৰ্শন মাৰ্গৰ পৰা প্ৰৱেশ আৰম্ভ
  • দৰ্শন আৰম্ভ পুৱা ০৭:০০ বজাৰ পৰা 
  • ১২:০০ বজাত - ভোগ আৰতি 
  • দুপৰীয়া ১২.৩০ বজাৰ পৰা ১:০০ বজালৈ বন্ধ থাকিব মন্দিৰৰ দুৱাৰ
  • ১ বজাত দৰ্শন আৰম্ভ 
  • দৰ্শন শেষ নিশা ৯:১৫ বজাত 
  • ৯:৩০ বজাত - শায়ন আৰতি 
  • আৰতিৰ পিছত দুৱাৰ বন্ধ

ইফালে, ৰাম মন্দিৰৰ ট্ৰাষ্টী ড০ অনিল মিশ্ৰই উল্লেখ কৰে যে, শৰৎ এতিয়া আৰম্ভ হৈছে। এনে পৰিস্থিতিত ৰাম লাল্লাৰ দৰ্শন কালত কিছু পৰিৱৰ্তন হৈছে। ভক্তৰ পৰা সহযোগিতাৰ আশা কৰিছে ৰাম মন্দিৰৰ ট্ৰাষ্টৰ সদস্যসকলে। 

ৰাম মন্দিৰ