কোন হয় আয়াতুল্লাহ আলী খামেইনী

শনিবাৰে আমেৰিকা আৰু ইজৰাইলৰ যৌথ বিমান আক্ৰমণত ৮৬ বছৰীয়া ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাছতে ভাৰতৰ ভিন্ন প্ৰান্তত শোক দেখিবলৈ পোৱা গৈছে।

author-image
Asomiya Pratidin
New Update
new ap web 11-

ডিজিটেল ডেস্কঃ শনিবাৰে আমেৰিকা আৰু ইজৰাইলৰ যৌথ বিমান আক্ৰমণত ৮৬ বছৰীয়া ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাছতে ভাৰতৰ ভিন্ন প্ৰান্তত শোক দেখিবলৈ পোৱা গৈছে। আয়াতুল্লাহ আলী খামেইনীৰ মৃত্যুৰ খবৰৰ নিশ্চয়তা অহাৰ লগে লগে দিল্লীত থকা ইৰাণৰ দূতাবাসে ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰে।

পিছে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনী কোন আছিল । ১৯৩৯ চনৰ ১৯ ​​এপ্ৰিলত ইৰাণৰ মাছহাদত এটা সাধাৰণ ধৰ্মীয় পৰিয়ালত জন্মগ্ৰহণ কৰিছিল খামেইনীয়ে। ১৯ বছৰ বয়সত তেওঁ ছিয়া ধৰ্মতত্ত্বৰ এটা প্ৰধান কেন্দ্ৰ কুম চহৰলৈ গৈছিল  আৰু তাতেই তেওঁ আয়াতুল্লা ৰুহোল্লা খামেইনীৰ তত্বাৱধানত অধ্যয়ন কৰে। ১৯৬০ চনত শ্বাহ মহম্মদ ৰেজা পাহলৱীৰ বিৰুদ্ধে আন্দোলনতো যোগদান কৰে। খামেইনী কেইবাবাৰো গ্ৰেপ্তাৰ হৈছিল। ৰাজনৈতিক কাৰ্যকলাপৰ বাবে তিনি বছৰ নিৰ্বাসনত কটাইছিল তেওঁ।

WhatsApp Image 2026-03-01 at 3.36.16 PM

উল্লেখ্য যে- ১৯৭৯ চনৰ ইছলামিক বিপ্লৱৰ অশান্ত সময়ত তেওঁ এজন গুৰুত্বপূৰ্ণ ধৰ্মীয় নেতা হিচাপে আত্মপ্ৰকাশ কৰে। বিপ্লৱৰ পাছত নতুন ৰাজনৈতিক গাঁথনিত তেওঁ দ্ৰুতগতিত উত্থান ঘটায়। তেহৰাণত উপ-প্ৰতিৰক্ষা মন্ত্ৰী আৰু জুম্মাৰ নামাজৰ ইমামকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হৈছিল আয়াতুল্লাহ আলী খামেইনী। 
১৯৮১ চনত তেওঁ হত্যাৰ চেষ্টাৰ পৰা কথমপি ৰক্ষা পৰে যদিও  তেওঁৰ সোঁহাতখন পক্ষাঘাতগ্ৰস্ত হৈ পৰে। লগতে সেই বছৰতে তেওঁ ইৰাণৰ ৰাষ্ট্ৰপতি হয় আৰু ১৯৮৯ চনলৈকে দুটা কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰে। 

ব্যক্তিগত জীৱনত খামেইনীৰ কবিতা আৰু সাহিত্যৰ প্ৰতি আগ্ৰহ আছিল। তেওঁ জীৱনৰ এটা পৰ্যায়ত সংগীতজ্ঞ আৰু বুদ্ধিজীৱীৰ সৈতেও সম্পৰ্ক বজাই ৰাখিছিল। পত্নী মনছুৰেহ খোজাষ্টেহ বাঘৰজাদেৰ সৈতে তেওঁৰ ছটা সন্তান আছে। কিন্তু সময়ৰ লগে লগে তেওঁ ইৰানৰ কঠোৰ ধৰ্মীয় ৰাষ্ট্ৰব্যৱস্থাৰ প্ৰতীক হৈ পৰিল।

আয়াতুল্লাহ আলী খামেইনী