/asomiyapratidin/media/media_files/2025/12/15/fsdsdsdsd-2025-12-15-19-30-38.jpg)
ডিজিটেল সংবাদ, ঢেকীয়াজুলিঃ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ আহ্বানত শোণিতপুৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসন তথা ঢেকীয়াজুলি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সহযোগত আজিৰে পৰা ঢেকীয়াজুলিত দুৰ্যোগ আৰু ব্যৱস্থাপনা সম্পৰ্কীয় তিনিদিনীয়া সজাগতামুলক অনুষ্ঠান আৰম্ভ হৈছে ৷ ইয়াৰ প্ৰথম দিনাৰ কাৰ্যসূচীত আজি লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত ভূমিকম্প আৰু ইয়াৰ ব্যৱস্থাপনা সম্পৰ্কে এখন সজাগতা সভা আৰু প্ৰশিক্ষণ অনুষ্ঠিত কৰা হয় ৷
দিনৰ ১১ বজাত মহাবিদ্যালয়খনৰ বেজবৰুৱা সন্মিলন কক্ষত অনুষ্ঠিত সজাগতা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ঢেকীয়াজুলিৰ ৰাজহ চক্ৰ বিষয়া নয়নজ্যেতি পাঠকে ৷ তেওঁ কয়, ঢেকীয়াজুলি আৰু ইয়াৰ কাষৰীয়া অঞ্চলটো ভূমিকম্পপ্ৰৱণ এলেকা হিচাপে চিহ্নিত হোৱাৰ পৰিপেক্ষিতত এই সজাগতামুলক অনুষ্ঠান ইয়াত আয়োজন কৰা হৈছে৷ অগ্নি নিৰ্বাপক বাহিনী, এছ ডি আৰ এফ, সেনা বাহিনীৰ জোৱানসকলৰ উপৰিও শিক্ষা বিভাগ, ৰাজহ বিভাগ, সমাজ কল্যাণ বিভাগৰ কৰ্মচাৰী সকলৰ লগতে গাওঁ প্ৰধানসকলক সামৰি এই কাৰ্যসূচী হাতত লোৱা হৈছে বুলি তেওঁ প্ৰকাশ কৰে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/15/whatsapp-image-2025-12-15-19-30-57.jpeg)
সভাত শোণিতপুৰ জিলাৰ অতিৰিক্ত আয়ুক্ত কমল বৰুৱা, ঢেকীয়াজুলি সম-জিলাৰ আয়ুক্ত দ্যোতিভা বৰা, সম-জিলা আৰক্ষী অধীক্ষক ভাৰ্গৱমণি দাস, ঢেকীয়াজুলি পৌৰসভাৰ কাৰ্যবাহী বিষয়া সিদ্ধাৰ্থ দেৱশৰ্মা, লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ ড:শুকদেৱ অধিকাৰীয়ে ভাষণ দিয়ে ৷ সভাত জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ জিলা প্ৰকল্প বিষয়া পাৰ্থ প্ৰতীম শৰ্মা, গোলাঘাট জিলাৰ প্ৰকল্প বিষয়া ৰণিৰাজ কুমাৰ, ঢেকীয়াজুলি গোটৰ ক্ষেত্ৰ বিষয়া অনুপজ্যেতি শৰ্মা, অগ্নি নিৰ্বাপক বাহিনীৰ ঢেকীয়াজুলি কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া সৌৰভজ্যােতি ডেকাৰ লগতে বিভিন্ন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী, এছ ডি আৰ এফৰ জোৱাৰসকলৰ উপৰিও গাওঁ প্ৰধানসকল উপস্থিত থাকে ৷
এই সভাৰ পিছত চাৰিটা বিভিন্ন কক্ষত অংশগ্ৰহণকাৰীসকলক লৈ প্ৰশিক্ষণ অনুষ্ঠিত কৰা হয় ৷ ইপিনে দ্বিতীয় দিনাৰ কাৰ্যসূচীত আলোচনাচক্ৰ আৰু তৃতীয় দিনাৰ কাৰ্যসূচীত ভূমিকম্পৰ সৈতে মোকাবিলা কৰিব পৰাকৈ মকড্ৰিল অনুষ্ঠিত কৰা হ’ব বুলি ক্ষেত্ৰ বিষয়া অনুপজ্যেতি শৰ্মাই জানিবলৈ দিছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us