ধানত ধৰা শুঁৰপোকৰ সন্দৰ্ভত উদ্ভিদ স্বাস্থ্য অভিযানৰ সজাগতা সভাৰ উদ্বোধন...

শুঁৰপোক(স্প’ড’পটেৰা মৰিচীয়া) ধান খেতিৰ বাবে ক্ৰমাৎ ভাবুকি স্বৰূপ হৈ পৰিছে। খাদ্য উৎপাদনশীলতাৰ বহনক্ষমতা আৰু খাদ্য সুৰক্ষাৰ প্ৰতি ই এক গুৰুতৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। 

author-image
Asomiya Pratidin
New Update
ধানত ধৰা শুঁৰপোকৰ সন্দৰ্ভত উদ্ভিদ স্বাস্থ্য অভিযানৰ উদ্বোধনী অনুষ্ঠান সম্পন্ন

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ শুঁৰপোক(স্প’ড’পটেৰা মৰিচীয়া) ধান খেতিৰ বাবে ক্ৰমাৎ ভাবুকি স্বৰূপ হৈ পৰিছে। খাদ্য উৎপাদনশীলতাৰ বহনক্ষমতা আৰু খাদ্য সুৰক্ষাৰ প্ৰতি ই এক গুৰুতৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। 

Advertisment

নগাঁও জিলাৰ শেনচোৱা গাঁৱত আজি এই ধানত শুঁৰপোকৰ আক্ৰমণ সন্দৰ্ভত উদ্ভিদ স্বাস্থ্য অভিযান উদ্বোধন কৰা হ’য়। এই অভিযানৰ দ্বাৰা কৃষক সমাজত সজাগতা প্ৰদান কৰা, বৈজ্ঞানিক সমাধানৰ প্ৰসাৰ আৰু অংশীদাৰসকলৰ মাজত সহযোগিতাৰ কথা সদৰি কৰা হয়। 

এই অনুষ্ঠানৰ চূড়ান্ত লক্ষ্য হৈছে ধানৰ উৎপাদনশীলতা ৰক্ষা কৰা আৰু খাদ্য সুৰক্ষা শক্তিশালী কৰা। অনুষ্ঠানটিত অংশগ্ৰহণ কৰি ৰয়েল নৰৱেজিয়ান এম্বেচি, নতুন দিল্লীৰ পৰামৰ্শদাতা মিছেছ লিন ছিৰি বেঞ্জামিনচেনে জলবায়ুৰ পৰিৱৰ্তনশীলতা আৰু পৰিৱৰ্তিত কৃষি পদ্ধতিৰ দ্বাৰা এনে বৰ্ধিত কীটৰ প্ৰাদুৰ্ভাৱৰ নিয়ন্ত্ৰণত বিজ্ঞানভিত্তিক হস্তক্ষেপ প্ৰয়োজনীয়তা আছে বুলি মন্তব্য কৰে। তেওঁ আৰু সৰু সৰু গোটৰ মাজত এই বিষয়ত সজাগতা সৃষ্টি হলে বিষয়টো ফলপ্ৰসূ হ’ব বুলি প্ৰকাশ কৰে।

কাৰ্যসূচীত চেণ্টাৰ ফৰ ইণ্টাৰনেশ্যনেল ডেভেলপমেণ্ট Norwegian Institute of Bioeconomy Research (NIBIO) ৰ সঞ্চালক ড০ উদয় শেখৰ নাগোথু,  অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণাৰ সঞ্চালক (কৃষি) ড০ সঞ্জয় কুমাৰ চেটিয়া, নিবিঅ'ৰ গৱেষণা বিজ্ঞানী মেহৰটেব টেছফাই,  কৃষি বিভাগৰ যুটীয়া সঞ্চালক ভৱানী কুমাৰ নাথ, এম এছ স্বামীনাথন গৱেষণা প্ৰতিষ্ঠানৰ প্ৰধান বিজ্ঞানী আৰু প্ৰকল্প সমন্বয়ক ড০ আৰ ৰাজকুমাৰে শূঁৰ-পোক সংক্ৰমণ ৰোধৰ বিভিন্ন দিশসমূহ বিশ্লেষণ কৰে। 

উদ্ভিদ ৰোগ বিশেষজ্ঞা ড০ পৰিন্দ্ৰা বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত নগাঁও জিলা কৃষি বিষয়া নিখিল নাৰায়ণ বৰুৱা, মাণ্ডলিক গৱেষণা কেন্দ্ৰ চিলঙনীৰ প্ৰধান বিজ্ঞানী ড০ নিৰঞ্জন ডেকা, কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ প্ৰধান বিজ্ঞানী তথা মুৰব্বী ড০ ভবেশ চন্দ্ৰ ডেকা, জিলা পশু বিষয়া ড০ শান্তনু কুমাৰ খাউণ্ডকে আদি কৰি শেনচোৱা গাঁৱৰ শতাধিক প্ৰগতিশীল কৃষক উপস্থিত থাকে।

নগাওঁ কৃষি