/asomiyapratidin/media/media_files/2025/12/08/431-2025-12-08-14-49-18.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : অসম চৰকাৰৰ ৰেচম সঞ্চালকালয়ৰ অধীনস্থ নগাঁও জিলা ৰেচম বিভাগৰ সহকাৰী সঞ্চালকৰ উদ্যোগত খাগৰিজান উন্নয়ন খণ্ডৰ অন্তৰ্গত অসম ৰাজ্যিক গ্ৰামীণ জীবিকা অভিযানৰ বটদ্ৰৱা সৰুহিছা মনিকাঞ্চন গ্ৰাম্য সংগঠনৰ সহযোগত সোমবাৰে "মহিলা সৱলীকৰণত ৰেচম শিল্পৰ ভূমিকা" শীৰ্ষক এখনি সজাগতা সভা অনুষ্ঠিত হয়। ৰেচম বিভাগৰ ৰাইডঙীয়া চক্ৰৰ অধীনত অনুষ্ঠিত সজাগতা সভাত উপস্থিত থাকি ৰেচম বিভাগৰ সম্প্ৰসাৰণ বিষয়া(Extension Officer) মৌচুমী দত্তই "মহিলাসকলক স্বাৱলম্বী কৰা উদেশ্যৰে এৰী পালন যে এক উৎকৃষ্ট বিষয় সেই বিষয়ে বিশ্লেষণ কৰি ৰেচম শিল্পৰ প্ৰসাৰ, প্ৰশিক্ষণ আৰু হিতাধিকাৰীসকলক সহায় কৰাৰ বাবে অসমৰ ৰেচম বিভাগৰ বিভিন্ন আঁচনিৰ অৱলোকন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/08/whatsap-2025-12-08-14-48-43.jpeg)
অসম গ্ৰামীণ জীবিকা অভিযানৰ বটদ্ৰৱা পঞ্চায়তৰ কৰ্মী ত্ৰিবেনী কলিতাই আঁত ধৰে অনুষ্ঠানটিৰ। অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰেচম বিভাগৰ প্ৰদৰ্শক ধ্ৰুৱজ্যোতি কলিতাই "ভাৰতবৰ্ষৰ ভিতৰতে ৰেচম উৎপাদনত অসমৰ স্থান তৃতীয়। অতি প্ৰাচীন কালৰ পৰাই আমাৰ সমাজত মুগা পালনে বিশেষ স্থান দখল কৰি আহিছে। এই মুগা শিল্পৰ জৰিয়তে বিশ্বৰ পৰ্যায়ত অসমে সুনাম অৰ্জন কৰিছে। বিগত দিনত এই অঞ্চলত ৰেচম শিল্পৰ পৰম্পৰা আছিল কিন্তু ৮০ দশকৰ পৰা কমি আহিছে। বৰ্তমান অঞ্চলৰ এই খেতি বিকাশৰ বহু সুবিধা আছে। আপোনাক আগবঢ়ি আহিলে ৰেচম বিভাগৰ ফালৰ পৰা সহায় সহযোগিতা আগবঢ়োৱা হ'ব" বুলি প্ৰকাশ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/08/whatsap-2025-12-08-14-48-59.jpeg)
অনুষ্ঠানটিত মনিকাঞ্চন গ্ৰাম্য সংগঠনৰ সভানেত্ৰী লক্ষী প্ৰভা বৰুৱা, সম্পাদিকা দুলু কলিতা ৰাইডঙীয়া বটদ্ৰৱা গাঁও পঞ্চায়তৰ ২নং ৱাৰ্ড সদস্যা গীতাশ্ৰী কলিতাকে আদি কৰি শতাধিক মহিলা উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us