কচুৱা থানাৰ উদ্যোগত সজাগতা সভা

সমাজৰ বিভিন্ন অসামাজিক কাৰ্যকলাপ, ড্ৰাগছ আৰু পথ সুৰক্ষাৰ সম্পৰ্কত মাধৱপাৰা গাঁও পঞ্চায়ত‌ৰ সভাগৃহত বিশেষ সজাগতামূলক সভা অনুষ্ঠিত কৰে

author-image
Asomiya Pratidin
New Update
106

ডিজিটেল সংবাদ, কামপুৰ : ভাৰতৰ৭৯ সংখ্যক স্বাধীনতাৰ দিৱসৰ দিনা কচুৱা থানা আৰু কচুৱা থানাৰ নাগৰিক সমিতিৰ বিশেষ পদক্ষেপ। সমাজৰ বিভিন্ন অসামাজিক কাৰ্যকলাপ, ড্ৰাগছ আৰু পথ সুৰক্ষাৰ সম্পৰ্কত মাধৱপাৰা গাঁও পঞ্চায়ত‌ৰ সভাগৃহত বিশেষ সজাগতামূলক সভা অনুষ্ঠিত কৰে।

কচুৱা থানাৰ নাগৰিক সমিতিৰ সভাপতি জুটন দেৱনাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত কচুৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল বৰা, কচুৱা প্ৰেছ ক্লাবৰ সভাপতি বাহাৰুল ইছলাম,শিক্ষক মতিউৰ ৰহমান, সমাজকৰ্মী তাপস দেবনাথ,জহুৰ আলী,ওমৰ আলী,মৃণাল বৰা, উদীয়মান যুৱ নেতা মতিউৰ ৰহমানসহ সমাজৰ বহু বিশিষ্ট ব্যক্তিয়ে এই সজাগতা মূলক সভাত উপস্থিত থাকে। 

সজাগতা সভা