/asomiyapratidin/media/media_files/2026/03/07/246-2026-03-07-15-23-43.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : "স্থানীয় পৰম্পৰাগত তথা ঐতিহ্যবাহী ধানৰ জাতবিলাকৰ ওপৰত কৃষকসকলৰ স্বত্ব প্ৰতিষ্ঠা বিষয়ক আইন।" শীৰ্ষক বিষয়ৰ শনিবাৰে এখনি সজাগতা সভা আৰু প্ৰশিক্ষণ অনুষ্ঠান অনুষ্ঠিত হয়। কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ চৌহদত অনুষ্ঠিত সভাত "নতুন জাতৰ বিকাশ আৰু কৃষকৰ অধিকাৰক আইনগত স্বীকৃতি দিয়াৰ বাবে স্বাস্থ্য ৰক্ষা কৰা।" বিষয় আৰু উদ্ভিদৰ জাত সুৰক্ষা আৰু কৃষকৰ অধিকাৰ আইন ২০০১ৰ বিষয়ে আলোচনা কৰা হয়।
সজাগতা তথা প্রশিক্ষণ অনুষ্ঠানটিৰ আৰম্ভণি ভাষন প্ৰদান কৰি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মূৰব্বী ড০ ভবেশ চন্দ্ৰ ডেকাই সকলো বিশিষ্ট অতিথি, বিজ্ঞানী, সমল ব্যক্তি আৰু প্ৰগতিশীল কৃষকক আদৰনি জনায়। অনুষ্ঠানটিত মাণ্ডলিক গৱেষণা কেন্দ্ৰ চিলঙনীৰ মুখ্য বিজ্ঞানী ড০ হিৰন্য কুমাৰ বৰাই "পৰম্পৰাগত ধানৰ বীজ সংৰক্ষণ পক্ৰিয়া"ৰ বিষয়ে অৱগত কৰে।অনুষ্ঠানটিত সমল ব্যক্তি ৰূপে উপস্থিত থাকি উদ্ভিদ প্রজনন আৰু জীনতত্ত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ প্ৰণৱ কুমাৰ তালুকদাৰে প্ৰতিটো জাতৰ বিশেষত্বৰ বিশ্লেষণ কৰি ভাষন প্ৰদান কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/07/whatsapp-image-2026-2026-03-07-15-25-49.jpeg)
মাণ্ডলিক গৱেষণা কেন্দ্ৰ চিলঙনীৰ অৱসৰপ্ৰাপ্ত প্ৰধান বিজ্ঞানী ড০ পংকজ কুমাৰ দেৱচৌধুৰীয়ে আমাৰ পৰম্পৰাগত ধানৰ জাত সমূহৰ ওপৰত পৰা সামাজিক, ৰাজনৈতিক, ভৌগোলিক প্ৰভাৱৰ বিষয়ে আলোচনা কৰে। ভাৰত চৰকাৰৰ কৃষি মন্ত্রালয়ৰ উদ্ভিদৰ জাত সুৰক্ষা আৰু কৃষকৰ অধিকাৰ আইন ২০০১(Protection of Plant Varieties and Farmers' Rights (PPV&FR) Act, 2001)ৰ উপ পঞ্জীয়ক ড° অতুল চন্দ্র শর্মাই ইতিহাস খুচৰি কেনেদৰে বিভিন্ন জাত সমূহৰ আমদানি হল আৰু কেনেদৰে বিভিন্ন দেশলৈ বিয়পি পৰিল এই বিষয়ে বিশ্লেষণ কৰে।
বিজ্ঞানীয়ে অকলে জাত উন্নয়ন বা নিৰ্বাচন নকৰে, কৃষকৰ সহযোগত এই জাত নিৰ্বাচনৰ সম্ভৱ হৈছে। কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ পশু বিজ্ঞান বিশেষজ্ঞ ড০ অনিমেশ ডেকাই আঁত ধৰা অনুষ্ঠানটিৰ শেষত শলাগৰ শৰাই আগবঢ়াই কৃষি অৰ্থনীতি বিভাগৰ বিষয়বস্তু বিশেষজ্ঞা তথা এই আঁচনিৰ সঞ্চালক ড০ চিংকি বৰ্মনে। অঞ্চলৰ শতাধিক কৃষকৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটিত ভূমি বিজ্ঞান বিশেষজ্ঞ তথা এই বিশেষ আঁচনিৰ সমন্বয়ক দিপেন চন্দ্ৰ নাথ, প্ৰকল্প সহযোগী ৰূপক কুমাৰ টায়ে, পাম পৰিচালক শংকু মনি শৰ্মা, আঁচনি সহায়ক বিষ্ণু নাৰায়ণ ফুকনকে আদি কৰি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ কৰ্মচাৰীসকল উপস্থিত থাকে।
অনুষ্ঠানটিতে উদ্ভিদৰ জাত সুৰক্ষা আৰু কৃষকৰ অধিকাৰ আইন সমিতিৰ দ্বাৰা প্ৰস্তুত কৰা এখনি পুস্তিকা উন্মোচন কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us