হাওৰাঘাটৰ গড়জগা গাঁৱত মদ-ড্ৰাগছৰ বিৰুদ্ধে সজাগতা অভিযান অব্যাহত

কাৰ্বি আংলং জিলাৰ হাওৰাঘাট তিনিআলি আঞ্চলিক অগ্ৰণী বড়ো সংগঠনৰ উদ্যোগত আজি গড়জগা গাঁৱত বিয়লি মদ, ভাং, গাঞ্জা আৰু ড্ৰাগছ সেৱনৰ বিৰুদ্ধে সজাগতামূলক সভা অনুষ্ঠিত কৰা হয়।

author-image
Asomiya Pratidin
New Update
হাওৰাঘাটৰ গড়জগা গাঁৱত মদ-ড্ৰাগছৰ বিৰুদ্ধে সজাগতা অভিযান অব্যাহত

ডিজিটেল সংবাদ হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট তিনিআলি আঞ্চলিক অগ্ৰণী বড়ো সংগঠনৰ উদ্যোগত আজি গড়জগা গাঁৱত বিয়লি মদ, ভাং, গাঞ্জা আৰু ড্ৰাগছ সেৱনৰ বিৰুদ্ধে সজাগতামূলক সভাৰ লগতে ইয়াৰ সমান্তৰালভাৱে কিছুমান সমাজ বিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধেও সজাগতা সভা অনুষ্ঠিত কৰা হয়। অঞ্চলটোৰ বড়ো জনগোষ্ঠীয় লোকসকলৰ গাঁৱসমূহত বিগত কেইবাদিনো ধৰি অনুষ্ঠিত কৰি অহা মদ-ড্ৰাগছ বিৰোধী সজাগতা অভিযানৰ বৰ্তমানলৈকে অব্যাহত আছে । 

অঞ্চলটোৰ কচু পুখুৰী গাওঁ, গৰখীয়া পুখুৰী গাওঁ, দক্ষিণ দীঘলীপাৰ গাওঁ, পশ্চিম চূণপোৰা বড়ো গাওঁ, মিৰদু পথাৰ গাওঁ আৰু মাজগাঁৱত নিচাজাতীয় দ্ৰব্য বিৰোধী সজাগতা সভা অনুষ্ঠিত কৰাৰ পিছত বৃহস্পতিবাৰে গড়জগা গাঁৱত মদ-ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত কৰা হয়। সজাগতা সভাত সভাপতিত্ব কৰে হাওৰাঘাট তিনি আলি আঞ্চলিক এবছুৰ সভাপতি দীনেশ নাৰ্জাৰীয়ে ।

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে কছাৰী সমাজৰ সম্পাদক বীৰেন স্বৰ্গীয়াৰীয়ে ।  সভাত হাওৰাঘাট তিনি আলি আঞ্চলিক অগ্ৰণী বড়ো সংগঠনসমূহ ক্ৰমে এবছু, কছাৰী সমাজ, বড়ো সাহিত্য সভা, আবৌফ, গাওঁবুঢ়া সন্থা, দুলাৰায় বড়ো হাৰিমু আফাদ, প্ৰাক্তন বি এল টি কল্যাণ পৰিষদ, আৰু প্ৰাক্তন এন ডি এফ বিৰ বিষয় ববীয়াসকলে উপস্থিত থকাৰ লগতে শতাধিক পুৰুষ, মহিলা, যুৱক যুৱতী উপস্থিত থাকে । 

সভাত  প্ৰাক্তন বি এল টি কল্যাণ পৰিষদৰ সাংগঠনিক সম্পাদক মহেশ্বৰ বসুমতাৰী, সহকাৰী সাংগঠনিক সম্পাদক জনতা ৱাৰী, এবছুৰ সভাপতি দীনেশ নাৰ্জাৰী, আবৌফৰ সভানেত্ৰী প্ৰমিলা ফখ্ৰাৰী, এবছুৰ প্ৰাক্তন সভাপতি নয়ন ব্ৰহ্ম, বড়ো সাহিত্য সভাৰ সভাপতি গোপেন খাখলাৰী, সম্পাদক ধৰ্মেন্দ্ৰ খাখলাৰী, প্ৰাক্তন এন ডি এফ বিৰ সম্পাদক কুশল খাখলাৰী, দুলাৰায় বড়ো হাৰিমু আফাদৰ সম্পাদক গুৰুচৰণ গয়াৰী, গড়জগা গাঁৱৰ সভাপতি নোমল বসুমতাৰী, বতাবাৰী গাঁৱৰ সভাপতি প্ৰবীণ বাগলাৰী আদিয়ে বক্তব্য প্ৰদান কৰে । 

ইপিনে সভাত উপস্থিত থাকি আবৌফৰ উপ-সভানেত্ৰী লাবণ্য নাৰ্জাৰীয়ে সমাজত পুৰুষসকলে পত্নী থকাৰ পিছতো দ্বিতীয় পত্নী গ্ৰহণ কৰিব বিচৰা কাৰ্যত তীব্ৰ বিৰোধিতা কৰি  পৰবৰ্তী সময়ত পুৰুষসকলে দ্বিতীয় পত্নী গ্ৰহণ কৰিব বিচাৰিলে ইয়াৰ বিৰুদ্ধে আবৌফৰ ফালৰপৰা পৰা বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ঘোষণা কৰে । আনহাতে সমাজত কিছুমান বোৱাৰীয়ে নিজৰ শহুৰ শাহৰিৰ ওপৰত  মাৰপিত কৰা কাৰ্যৰো তীব্ৰ বিৰোধিতা কৰে।

হাওৰাঘাট ড্ৰাগছ বিৰোধী অভিযান