/asomiyapratidin/media/media_files/2026/02/27/samprtkkkssss-2026-02-27-21-44-16.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ সমাজৰ এক অবিচ্ছেদ্য অংগ হৈছে বিশেষভাৱে সক্ষম ব্যক্তিসকল। প্ৰায়েই সঠিক পৰামৰ্শ, চৰকাৰী আঁচনি আৰু আধুনিক সঁজুলিৰ অভাৱত তেওঁলোকৰ প্ৰতিভা বিকশিত হ’বলৈ সুযোগ নাপায়। এই সমস্যা দূৰ কৰাৰ লক্ষ্যৰে মানৱ সেৱাই ঈশ্বৰ সেৱা বাণী সৰোগত কৰি আগন্তুক ৰামনৱমী উৎসৱ-২০২৬-ৰ লগত সংগতি ৰাখি নগাঁও জিলাৰ পুৰণিগুদামস্থিত শ্ৰী শিৰডী ছাইবাবা মন্দিৰ প্ৰাংগণত শুকুৰবাৰে এক “সজাগতা তথা মূল্যায়ন শিবিৰ” (Awareness cum Assessment Camp) সফলতাৰে অনুষ্ঠিত হৈ যায়।
ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু অধিকাৰিতা মন্ত্ৰালয়ৰ অধীনস্থ বিশেষভাৱে সক্ষম ব্যক্তি সবলীকৰণ বিভাগৰ অন্তৰ্গত গুৱাহাটীৰ সমন্বিত আঞ্চলিক দক্ষতা উন্নয়ন, পুনৰ্বাসন আৰু সবলীকৰণ কেন্দ্ৰ (CRCSRE)-ৰ উদ্যোগত আৰু শ্ৰী শিৰডী ছাইবাবা সেৱা ট্ৰাষ্ট নগাঁও-ৰ সক্ৰিয় সহযোগত বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে এই সজাগতা আৰু মূল্যায়ন শিবিৰটো আয়োজন কৰা হৈছিল(Disability Awareness Camp) ।
নগাঁও জিলাৰ সামগ্ৰিক শিক্ষা (Samagra Shiksha), জিলা সমাজ কল্যাণ বিভাগ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM)-এ সম্পূৰ্ণ সমৰ্থন আগবঢ়োৱা এই শিবিৰে অঞ্চলটোৰ বহু পৰিয়ালৰ বাবে আশাৰ এক নতুন পোহৰ কঢ়িয়াই আনিছে। শুকুৰবাৰৰ এই শিবিৰত মুঠ ২৩৬ গৰাকী হিতাধিকাৰীয়ে নিজৰ নাম পঞ্জীয়ন কৰে।
যদিও আজিৰ কাৰ্যসূচীত কেৱল সজাগতা সৃষ্টি আৰু প্ৰাথমিক মূল্যায়নহে কৰা হৈছে, তথাপিও এই প্ৰক্ৰিয়াটোৱেই আগন্তুক দিনত তেওঁলোকৰ প্ৰয়োজনীয় সহায়ক সঁজুলি লাভ কৰাৰ মূল পথ প্ৰশস্ত কৰিব। শিবিৰত উপস্থিত থকা বিশেষজ্ঞ চিকিৎসক আৰু প্ৰযুক্তিবিদসকলে প্ৰতিগৰাকী অংশগ্ৰহণকাৰীৰ শাৰীৰিক অৱস্থা নিৰীক্ষণ কৰি তেওঁলোকৰ প্ৰয়োজন অনুসৰি সঠিক মূল্যায়ন সম্পন্ন কৰে।
হিতাধিকাৰীসকলৰ সঠিক মূল্যায়নৰ বাবে অহা বিশেষজ্ঞৰ দলটোত আছিল শিবিৰ সমন্বয়ক আৰু অকুপেচনেল থেৰাপীৰ অধ্যাপক ড° সুনীল কুমাৰ ৰাম, বাক আৰু শ্ৰৱণ শক্তি বিশেষজ্ঞ তথা সহকাৰী অধ্যাপক ৰবি কুমাৰ, পুনৰ্বাসন বিষয়া ৰাজ কমল পাণ্ডে, বৃত্তিমূলক প্ৰশিক্ষক সুবেন্দু কোলে, কৃত্ৰিম অংগ আৰু সহায়ক সঁজুলি অভিযন্তা মৃত্যুঞ্জয়, বিশেষ প্ৰবক্তা দুপ্লয় কুমাৰ দাস।
শিবিৰৰ মুখ্য সমন্বয়ক ড° সুনীল কুমাৰ ৰামে বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰি কয়, "বিশেষভাৱে সক্ষম হোৱা মানেই এজন ব্যক্তি অসহায় নহয়। যদি তেওঁলোকক সঠিক সঁজুলি আৰু প্ৰয়োজনীয় সহায় আগবঢ়োৱা হয়, তেন্তে তেওঁলোকেও সমাজত নিজৰ এক স্বকীয় পৰিচয় গঢ়ি তুলিব পাৰিব। আজি কৰা এই মূল্যায়নৰ ওপৰত ভিত্তি কৰি আমি অতি সোনকালে পঞ্জীয়নভুক্ত প্ৰতিগৰাকী হিতাধিকাৰীক তেওঁলোকৰ প্ৰয়োজন অনুসৰি সহায়ক সামগ্ৰীসমূহ প্ৰদান কৰিম।"
তেওঁ লগতে চৰকাৰী আঁচনিসমূহৰ বিষয়ে সজাগতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দি কয় যে- বহু অভিভাৱকে আজিও নাজানে যে তেওঁলোকৰ সন্তানৰ বাবে চৰকাৰে কি কি সুবিধা আগবঢ়ায়। এনে ধৰণৰ শিবিৰৰ জৰিয়তেহে হিতাধিকাৰী আৰু চৰকাৰী আঁচনিৰ মাজত এক পোনপটীয়া সংযোগ স্থাপন কৰাটো সম্ভৱ হয়।
শ্ৰী শিৰডী ছাইবাবা সেৱা ট্ৰাষ্ট নগাঁৱৰ মেনেজিং ট্ৰাষ্টী দুৰ্লভ পৱন বৰুৱাই মন্তব্য কৰে যে- বিশেষভাৱে সক্ষম ব্যক্তিসকল আমাৰ সমাজৰ এক অবিচ্ছেদ্য অংগ। তেওঁলোকৰ সপোনবোৰকো আমি সমানেই গুৰুত্ব দিয়া উচিত। আজিৰ এই শিবিৰটো সেই সপোনবোৰ বাস্তৱায়িত কৰাৰ দিশত এক ক্ষুদ্ৰ যদিও অত্যন্ত গুৰুত্বপূৰ্ণ পদক্ষেপ। এই শিবিৰৰ সফলতাৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ড° হেমন্ত বিশ্ব শৰ্মাৰ লগতে প্ৰাইড ইষ্ট এন্টাৰ্টেইনমেন্টৰ মুখ্য পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শৰ্মাৰ শলাগ লোৱাৰ লগতে দুয়োগৰাকীকে ধন্যবাদ জ্ঞাপন কৰিছো।
একেদৰে নগাঁও পেৰা ক্ৰীড়া সন্থাৰ কোষাধ্যক্ষ জোন ৰাজখোৱাই কয় যে- সঠিক মূল্যায়ন আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰে এজন বিশেষভাৱে সক্ষম ব্যক্তিক স্বাৱলম্বী কৰি তুলিব পাৰে। ইয়াৰ ফলত তেওঁলোকে খেলা-ধূলা, শিক্ষা বা জীৱনৰ যিকোনো ক্ষেত্ৰতে আগুৱাই যাবলৈ সাহস পাব।
এই শিবিৰত উপস্থিত থকা এগৰাকী অভিভাৱকে নিজৰ সন্তানৰ ভৱিষ্যতক লৈ থকা দুশ্চিন্তাৰ কথা উল্লেখ কৰি আৱেগেৰে কয়, "সন্তানৰ ভৱিষ্যতক লৈ সদায় মনত এটা শংকা থাকে। কিন্তু আজি এই শিবিৰত অংশ লৈ আমি যথেষ্ট আশাবাদী হৈ উঠিছোঁ। আমাৰ বিশ্বাস, যদি সন্তানে প্ৰয়োজনীয় সহায়ক সঁজুলি লাভ কৰে, তেন্তে তেওঁৰ জীৱনটো সম্পূৰ্ণৰূপে সলনি হৈ পৰিব।"
পুৱা ৯:৩০ বজাৰ পৰা বিয়লি ৩:৩০ বজালৈ অনুষ্ঠিত হোৱা এই শিবিৰটোক স্থানীয় ৰাইজে উষ্ম আদৰণি জনায়। আয়োজকসকলে ভৱিষ্যতেও এনে ধৰণৰ জনকল্যাণমূলক কাৰ্যসূচী অব্যাহত ৰাখিব বুলি সদিচ্ছা ব্যক্ত কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us