অসমীয়া প্ৰতিদিনৰ সাংবাদিক ভাস্কৰ জ্যোতি ভূঞাক 'আৰোহণ গ্ৰাম্য সাংবাদিকতা বঁটা' প্ৰদান

বিগত প্ৰায় ২১ বছৰ ধৰি অসমীয়া প্ৰতিদিন কাকতৰ জৰিয়তে নিষ্ঠা আৰু সততাৰে সংবাদ সেৱা আগবঢ়াই অহা গহপুৰ সমজিলাৰ ছয়দুৱাৰৰ সাংবাদিক ভাস্কৰ জ্যোতি ভূঞাক সোমবাৰে আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় ২০২৪-২৫ বৰ্ষৰ আৰোহণ গ্ৰাম্য সাংবাদিকতা  বঁটা।

author-image
Asomiya Pratidin
New Update
dsfsfdeedzxsfth

ডিজিটেল সংবাদ,গহপুৰঃ বিগত প্ৰায় ২১ বছৰ ধৰি অসমীয়া প্ৰতিদিন কাকতৰ জৰিয়তে নিষ্ঠা আৰু সততাৰে সংবাদ সেৱা আগবঢ়াই অহা গহপুৰ সমজিলাৰ ছয়দুৱাৰৰ সাংবাদিক ভাস্কৰ জ্যোতি ভূঞাক সোমবাৰে আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় ২০২৪-২৫ বৰ্ষৰ আৰোহণ গ্ৰাম্য সাংবাদিকতা  বঁটা।

অসমৰ অন্যতম প্ৰতিষ্ঠিত আগশাৰীৰ সাহিত্য, সাংস্কৃতিক আৰু সামাজিক বেচৰকাৰী সংস্থা আৰোহণ আৰ্টিষ্ট গীল্ডৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে আয়োজিত বিশেষ বঁটা প্ৰদান অনুষ্ঠানত এই বঁটা ৰাজহুৱা ভাবে প্ৰদান কৰা হয় সাংবাদিক ভাস্কৰ জ্যোতি ভূঞাক। নিৰ্ভীক, নিৰপেক্ষ আৰু আপোচহীনভাবে আগবঢ়াই অহা সংবাদ সেৱাৰ বাবে এই বঁটা তেওঁক প্ৰদান কৰে।

গুৱাহাটীৰ উজান বজাৰৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰৰ প্ৰেক্ষাগৃহত প্ৰদান কৰা এই বঁটাত আছে এখন ফুলাম গামোচা, এখন চেলেং, এটা জাপি, আৰোহণ আৰ্টিষ্ট গীল্ডৰ সভাপতি ড: দিলীপ কুমাৰ নাথ আৰু সম্পাদক ধীৰাজ পাঠকৰ স্বাক্ষৰ সম্বলিত এখন প্ৰশস্তি পত্ৰ আৰু এটা ট্ৰফি।

WhatsApp Image 2025-09-08 at 6.10.17 PM

উল্লেখযোগ্য যে-বিশ্বনাথ জিলা সাংবাদিক সন্থা(আজু)ৰ উপ সভাপতি আৰু গহপুৰ মহকুমা সাংবাদিক সন্থা(আজু)ৰ উপদেষ্টাৰ দায়িত্বত থকা সাংবাদিক ভাস্কৰ জ্যোতি ভূঞাই ইয়াৰ পূৰ্বে ২০২৩ চনত সদৌ অসম সাংবাদিক সন্থা(আজু)ই প্ৰদান কৰা অসম ভিত্তিত "ছহিদ সাংবাদিক কমলা শইকীয়া সোঁৱৰণী অনুসন্ধানমূলক সাংবাদিকতা বঁটা" লাভ কৰিছিল। তদুপৰি সাংবাদিক কৰ্ম পৰিষদ গোৱালপাৰা জিলা সমিতিয়ে সাংবাদিক ইন্দ্ৰমোহন হাকাচামৰ স্মৃতিত প্ৰতি বছৰে অসম ভিত্তিত প্ৰদান কৰি অহা "সংবাদ ইন্দ্ৰ গ্ৰাম্য বঁটা-২০১৫"  লাভ কৰিছিল তেওঁ। ২০২০ চনত বিশ্বনাথ চাৰিআলিৰ গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ চ'ছাইটিয়ে প্ৰদান কৰা কৃতি সাংবাদিকতাৰ বঁটা লাভ কৰা ভাস্কৰ জ্যোতি ভূঞা ২০২১ চনত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্য্যসূচীত বিশ্বনাথ জিলা প্ৰশাসনৰ দ্বাৰা সম্বৰ্ধিত হৈছিল।

আনহাতে, ২০২৩ চনত গহপুৰ মহকুমা প্ৰশাসনৰ দ্বাৰা "গহপুৰ নক্ষত্ৰ-২০২৩" সন্মান লাভ কৰা ভাস্কৰ জ্যোতি ভূঞাক সদৌ অসম অনুসূচিত জাতি ছাত্র সন্থাৰ বিশ্বনাথ জিলা সমিতিয়ে ২০২০ চনত আৰু বিশ্বনাথ চাৰিআলিৰ জনপ্ৰিয় ৱেব পৰ্টেল "বি-নিউজ"য়ে ২০২২ চনত এগৰাকী নিষ্ঠাবান আৰু আপোচবিহীন সাংবাদিক হিচাপে ৰাজহুৱা সম্বৰ্ধনা জনাইছিল।গহপুৰৰ অন্যতম সামাজিক অনুষ্ঠান নিৰপেক্ষ গহপুৰৰ দ্বাৰা ২০২৪ চনত "সাহসী ৰত্ন" উপাধি লাভ কৰা সাংবাদিক ভাস্কৰ জ্যোতি ভূঞাই আজি আৰোহণ মিডিয়া বঁটা লাভ কৰাত তেওঁক বিশ্বনাথ জিলাৰ লগতে  গহপুৰ সম জিলাৰ বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে।সাংবাদিক ভাস্কৰ জ্যোতি ভূঞা বিশ্বনাথ জিলাৰ হেলেম মৌজাৰ টকৌবাৰী ৰঙাজান গাঁও নিবাসী তথা পূৱ বুৰৈ মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৃতী প্ৰধান শিক্ষক প্ৰয়াত জীৱন ভূঞা আৰু লক্ষী ভূঞাৰ জ্যেষ্ঠ পুত্ৰ‌।

অসমীয়া প্ৰতিদিন