/asomiyapratidin/media/media_files/2025/11/16/241-2025-11-16-22-55-52.jpg)
ডিজিটেল ডেস্ক : আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। দেশৰ লগতে অসমতো পালন কৰা হৈছে এই দিৱস। ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা এই দিৱস উপলক্ষে বিভিন্ন আলোচনাৰ লগতে সংবাদকৰ্মী তথা সাংবাদিকসকলক বিশেষভাৱে জনোৱা হৈছে সম্বৰ্ধনা।
একেদৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ সৈতে সংগতি ৰাখি সৰ্বভাৰতীয় এক্ৰেডিটেড জাৰ্নালিষ্ট এছোচিয়েনে আজি প্ৰেছ ক্লাৱ অফ ইণ্ডিয়াত একাংশ জ্যেষ্ঠ সাংবাদিকসকলক সম্বৰ্ধনা জ্ঞাপন কৰে। এই সম্বৰ্ধনা অনুষ্ঠানত চাৰি দশক ধৰি অসমীয়া সংবাদমাধ্যৰ সৈতে জড়িত নতুন দিল্লীৰ বিশিষ্ট সাংবাদিক মানস বন্দোপাধ্যায়ক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয়।
বঁটা লাভ কৰি আনন্দিত বন্দোপাধ্যায়ে কয় যে, এই সন্মান কেৱল মোৰ বাবে নহয়, সমগ্ৰ অসম তথা উত্তৰপূৰ্বাঞ্চলবাসীৰ কাম্য।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us