ডিজিটেল সংবাদ, বোকাখাতঃ কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ উদ্যানত দেওবাৰে কৃষক মুক্তি সংগ্রাম সমিতি, অসমৰ উদ্যোগত আয়োজন কৰা 'জাতীয় বীৰ শ্বহীদ মুক্তিনাথ গোৱালা সোঁৱৰনী মুকলি প্ৰৱন্ধ প্ৰতিযোগিতা'ৰ বঁটা প্ৰদান কৰা হয়। উল্লেখযোগ্য কিছু বছৰ পূৰ্বে তিতাবৰৰ কৃষক মুক্তি সংগ্রাম সমিতিৰ নেতা মুক্তিনাথ গোৱালা বোকাখাতত এক পথ দুৰ্ঘটনাত মৃত্যু হৈছিল।
এগৰাকী অক্লান্ত যোদ্ধা গোৱালাৰ সোঁৱৰণত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আয়োজন কৰা অসম ভিত্তিত মুকলি প্ৰবন্ধ প্ৰতিযোগিতাত শ্ৰেষ্ঠ স্থান লাভ কৰোতা 'দৈনিক অসম' কাকতৰ জেষ্ঠ সাংবাদিক জিতেন্দ্র কুমাৰ চৌধুৰীক নগদ ১ লাখ টকা, মানপত্র, গামোচা, কিতাপৰ টোপোলা আৰু দ্বিতীয় স্থান লাভ কৰোতা যুৱ লেখক টুনুজোতি গগৈক নগদ ৫০ হাজাৰ টকা, মানপত্র, গামোচা, কিতাপৰ টোপোলা প্ৰদান কৰা হয়।
বঁটা প্ৰদান কৰে গুৱাহাটীৰ বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰু আৰু বিশিষ্ট লেখক ময়ুৰ বৰাই। বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টা তথা বিধায়ক অখিল গগৈয়ে আদৰনি ভাষনত প্ৰয়াত মুক্তিনাথ গোৱালাৰ কৰ্মৰাজীৰ কথা উল্লেখ কৰাৰ লগতে কয় যে, প্ৰয়াত গোৱালাৰ প্ৰচেষ্টাতে উজনিৰ বৰহোলা,টোকলাই আদিৰ শ্ৰমিকে প্ৰায় ৭০০০ বিঘা মাটি লাভ কৰিবলৈ সক্ষম হৈছিল।
অনুষ্ঠানত কৃষক মুক্তি সংগ্রাম সমিতিৰ সভাপতি ৰাজু বৰা, দেবেন শৰ্মা, শ্বহীদ মুক্তিনাথ গোৱালাৰ পিতৃ প্ৰেমধৰ গোৱালা, আটছাৰ কেন্দ্রীয় সভাপতি ধীৰাজ গোৱালা আদি উপস্থিত থাকে।