মহম্মদ ইউনুছৰ পদত্যাগৰ দাবীৰে আন্দোলনত নামিব আৱামী লীগ

আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে শ্বেইখ হাছিনাক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা ৰায়দানক নাকচ কৰিছে আৱামী লীগে। হাছিনাৰ মৃত্যুদণ্ডৰ ৰায়ক অবৈধ বুলিও ঘোষণা কৰিছে ৰাজনৈতিক দলটোৱে

author-image
Asomiya Pratidin
New Update
326

ডিজিটেল ডেস্ক : আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে শ্বেইখ হাছিনাক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা ৰায়দানক নাকচ কৰিছে আৱামী লীগে। হাছিনাৰ মৃত্যুদণ্ডৰ ৰায়ক অবৈধ বুলিও ঘোষণা কৰিছে ৰাজনৈতিক দলটোৱে। 

তাৰ বিপৰীতে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ পদত্যাগৰ দাবী তুলিছে হাছিনাৰ দল আৱামী লীগে। দলটোৱে ঘোষণা কৰা অনুসৰি ইউনুছৰ পদত্যাগৰ দাবী তুলি আন্দোলন কৰিব। এই আন্দোলনত বাংলাদেশৰ সৰ্বসাধাৰণ ৰাইজকো যোগাদানৰ বাবে আহ্বান জনাই দলটোৱে।

উল্লেখযোগ্য যে, ২৬ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰপৰ্যন্ত চলাব এই আন্দোলন। দেশখনৰ সকলো জিলাতে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব আৱামী লীগে।

শ্বেখ হাছিনা