বিশ্বৰ তৃতীয় বৃহত্তমৰ তালিকাত ভাৰতীয় বিমান পৰিবহন খণ্ড...

সকলো প্ৰতিবন্ধকতা উফৰাই বিশ্বৰ তৃতীয় বৃহত্তম খণ্ড হিচাপে বিবেচিত হৈছে দেশৰ বিমান পৰিবহন খণ্ড। শেহতীয়াকৈ প্ৰকাশ পাইছে এই তথ্য। মহামাৰীৰ পূৰ্বৰ স্তৰ অতিক্ৰম

author-image
Asomiya Pratidin
New Update
62158c38-6343-4458-b9c7-4b504b254042

ডিজিটেল ডেস্কঃ সকলো প্ৰতিবন্ধকতা উফৰাই বিশ্বৰ তৃতীয় বৃহত্তম খণ্ড হিচাপে বিবেচিত হৈছে দেশৰ বিমান পৰিবহন খণ্ড। শেহতীয়াকৈ প্ৰকাশ পাইছে এই তথ্য। মহামাৰীৰ পূৰ্বৰ স্তৰ অতিক্ৰম কৰি ভাৰতৰ বিমান পৰিবহণ খণ্ডই যাত্ৰী যাতায়তৰ ক্ষেত্ৰত বিশ্বৰ তৃতীয় বৃহত্তম খণ্ডত পৰিগণিত হৈছে।

আইএটিএই বৃদ্ধি পোৱা খৰচ আৰু কৰ অনিশ্চয়তা আদি জটিল প্ৰত্যাহ্বান উফৰাই উজ্বলি উঠিছে দেশৰ পৰিবহন খণ্ড।  আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা খণ্ডত শক্তিশালী এই শক্তিশালী উত্থানে আশাৰ ৰেঙণি সিচিছে। 

আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ সংস্থা (IATA)ৰ মতে আগন্তুক দিনবোৰত এই উত্থাপনে চৰম স্তৰ স্পৰ্শ কৰিব।