এ ভি এফ চি এল সন্দৰ্ভত দিল্লীত বৈঠক অনুষ্ঠিত...

হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত PDIL আৰু AVFCCLৰ পৰিচালন সঞ্চালক ড০ শিৱ প্ৰসাদ মহান্তি, নাহৰকটিয়াৰ বিধায়ক তৰংগ গগৈ তথা অসম চৰকাৰৰ মুখ্য সচিব আই এ এছ ড° কৃষ্ণ কুমাৰ দ্বীবেদী এই বৈঠকত উপস্থিত থাকে ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,নামৰূপঃ  নামৰূপত শীঘ্ৰে স্থাপন হব লগীয়া অসম ভেলী ফাৰ্তিলাইজাৰ এণ্ড কেমিকেল কৰ্পৰেচন লিমিটেডৰ  (AVFCCL)ৰ কৰ্মৰ অগ্ৰগতি সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

দিল্লীৰ মুখ্যমন্ত্ৰী আৱাসত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত PDIL আৰু AVFCCLৰ পৰিচালন সঞ্চালক ড০ শিৱ প্ৰসাদ মহান্তি, নাহৰকটিয়াৰ বিধায়ক তৰংগ গগৈ তথা অসম চৰকাৰৰ মুখ্য সচিব আই এ এছ ড° কৃষ্ণ কুমাৰ দ্বীবেদী এই বৈঠকত উপস্থিত থাকে ।

বৈঠকত নামৰূপত স্থাপন হ'বলগীয়া নতুন ইউৰিয়া প্ৰকল্প সম্পৰ্কে বিস্তৃত ভাবে আলোচনা কৰা হয়। বৈঠকত অসমৰ উদ্যোগিক উন্নয়ন আৰু কৃষি উৎপাদনৰ ক্ষেত্ৰত এই প্ৰকল্পই কেনেদৰে এক নতুন দিশ উন্মোচন কৰিব এই সম্পৰ্কেও আলোচনা কৰে।

উল্লেখযোগ্য যে, এভিএফচিচিএল প্ৰতিষ্ঠা কৰাৰ লক্ষ্য হ'ল অসমৰ ঔদ্যোগিক ভিত্তি মজবুত কৰা, উত্তৰ-পূর্বাঞ্চলত সাৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰা, কৃষি বৃদ্ধি আৰু স্বাৱলম্বীতাত অৰিহণা যোগোৱা।

হিমন্ত বিশ্ব শৰ্মা