২০২৫ বৰ্ষৰ ট্ৰেণ্ডছ-প্রতিদিন টেলেণ্ট হাণ্ট ছিজন- ৪ৰ অডিচন পর্ব

প্ৰতিভাৱানসকলক উপযুক্ত মঞ্চ দিয়াৰ প্ৰয়াসেৰে ট্ৰেণ্ডছৰ সহযোগত-প্রতিদিন গোষ্ঠীয়ে পুনৰবাৰ ২০২৫ বৰ্ষৰ টেলেন্ট হান্ট, ছিজন-৪ শীর্ষক প্রতিযোগিতা অনুষ্ঠিত কৰাৰ আয়োজন কৰিছে। নৃত্য, গীত, অভিনয় আৰু বাদ্য বাদন শিতানত

author-image
Asomiya Pratidin
New Update
new ap web 3 (7)

ডিজিটেল ডেস্ক : প্ৰতিভাৱানসকলক উপযুক্ত মঞ্চ দিয়াৰ প্ৰয়াসেৰে ট্ৰেণ্ডছৰ সহযোগত-প্রতিদিন গোষ্ঠীয়ে পুনৰবাৰ ২০২৫ বৰ্ষৰ টেলেন্ট হান্ট, ছিজন-৪ শীর্ষক প্রতিযোগিতা অনুষ্ঠিত কৰাৰ আয়োজন কৰিছে। নৃত্য, গীত, অভিনয় আৰু বাদ্য বাদন শিতানত অনুষ্ঠিত হ'বলগীয়া এই প্রতিযোগিতাৰ অডিচন ক্ৰমে ডিব্ৰুগড়, নগাঁও আৰু গুৱাহাটীত অনুষ্ঠিত কৰা হ'ব। 

Advertisment

অহা ১৬  আগষ্টত আৰম্ভ হৈ ৩১ আগষ্টত অন্ত পৰিবলগীয়া এই প্ৰতিযোগিতাৰ অডিচন ক্ৰমে ডিব্ৰুগড়ত ১৬ আৰু ১৭ আগষ্ট, ২৩ আৰু ২৪ আগষ্টত নগাঁও আৰু গুৱাহাটীত ৩০ আৰু ৩১ আগষ্টত অনুষ্ঠিত কৰা হ'ব। প্ৰতিযোগিতাত ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীত অধ্যয়নৰত শিক্ষার্থীসকলে অংশগ্রহণ কৰিব পাৰিব আৰু যোগদানৰ বাবে অনুষ্ঠানস্থলীত বিনামূলীয়া পঞ্জীয়নৰ ব্যৱস্থা থাকিব। 

এইবাৰৰ প্ৰতিযোগিতাত বিচাৰক হিচাপে অংশগ্ৰহণ কৰিব ক্ৰমে- অভিনেত্রী নিশিতা গোস্বামী, সংগীত শিল্পী ৰূপম ভূঞা আৰু নৃত্য শিল্পী মেঘৰঞ্জনী মেধিয়ে। সৰ্বমুঠ ৫ লাখ টকাৰ পুৰস্কাৰ সম্বলিত এই প্রতিযোগিতা অডিচনৰ পাচত এলিমিনেচন ৰাউণ্ড আৰু তাৰ পাচত ফাইনেল ৰাউণ্ডেৰে গঠিত হ'ব । 

ট্রেণ্ডচ- প্রতিদিন টেলেন্ট হান্ট ২০২৫, ছিজন-৪ প্ৰতিযোগিতাৰ বিভিন্ন খণ্ডসমূহ ৬ ছেপ্টেম্বৰৰ পৰা প্ৰত্যেক শনি আৰু দেওবাৰে নিশা প্ৰতিদিন টাইম চেনেলত সম্প্ৰচাৰ কৰা হ'ব।

অভিনয়