ৰৈ ৰৈ বিনালে : ধেমাজিস্থিত আৰ আৰ চিনেমাত পুৱা ৪-০০ বজাত উপস্থিত দৰ্শক

ছবি গৃহত দেখা গ'ল ব্যতিক্ৰমী ৰূপত অনুৰাগীক। গামোচা লৈ আৰু ধুতি পৰিধান কৰি চাবলৈ আহিল জুবিন গাৰ্গৰ বহু প্ৰতিক্ষিত "ৰৈ ৰৈ বিনালে

author-image
Asomiya Pratidin
New Update
101

ডিজিটেল সংবাদ, ধেমাজি : শুক্ৰবাৰে পুৱা ৰাজ্যৰ ভিতৰতে ধেমাজিত অসমীয়াৰ প্ৰাণৰ শিল্পী তথা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালেৰ প্ৰথম দৰ্শনী বিপুল উৎসাহ আৰু উদ্দীপনাৰ মাজেৰে ধেমাজিৰ আৰ আৰ চিনেমাত শুভ মুক্তি হয়। লগতে প্ৰথম দৰ্শনী উপভোগ কৰিলে দুই শতাধিক ৰাইজে ৷

আৰ আৰ চিনেমাত পুৱা ৪-৪৫ বজাত শুভমুক্তি লাভ কৰাৰ লগতে ৰাজ্যৰ ভিতৰতে প্ৰথম দৰ্শনী চলে "ৰৈ ৰৈ বিনালে" ৷ ছবি গৃহত দেখা গ'ল ব্যতিক্ৰমী ৰূপত অনুৰাগীক। গামোচা লৈ আৰু ধুতি পৰিধান কৰি চাবলৈ আহিল জুবিন গাৰ্গৰ বহু প্ৰতিক্ষিত "ৰৈ ৰৈ বিনালে ।

গুৰুজনা শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱৰ অনুষ্ঠানত যি দৰে জাতীয় সাজপাৰ পৰিধান কৰা হয় ঠিক তেনেদৰে জুবিন গাৰ্গৰ ছবি চাবলৈ আহোঁতে পৰিধান কৰি আহিল ধুতি । শংকৰদেৱ, মাধৱদেৱৰ লগত তুলনা অনুৰাগীৰ। ধেমাজি মাটিখোলা গাঁৱৰ যুৱক কপিঞ্জল দত্তই জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধত কৰিছিল মুণ্ডন, ১১ দিন লঘোনে আছিল যুৱকজনে ৷ 

আজি তেওঁ ধুতি পৰিধান কৰি চাবলৈ আহিল মৰমৰ শিল্পী জুবিনৰ ৰৈ ৰৈ বিনালে নামৰ ছবিখন ৷ ইতিমধ্যে এসপ্তাহৰ বাবে আটাইকেইটা “শ্বৰ“ বাবেও টিকট প্ৰায় ১০০ শতাংশ বিক্ৰী হৈছে । 

আজি পুৱা শুভমুক্তি লাভ কৰা "ৰৈ ৰৈ বিনালে ছবিখনৰ বাবে ধেমাজিৰ জুবিন অনুৰাগীয়ে অভূতপূৰ্ব সহাঁৰি জনায় । ধেমাজিৰ আৰ আৰ চিনেমাত সাতদিনৰ ৪২ টা দৰ্শনীৰ বাবে ইতিমধ্যে হাউচফুল হৈছে বুলি  আৰ আৰ চিনেমাৰ স্বত্বাধিকাৰী দিগন্ত তালুকদাৰে আজি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷

অসমীয়াৰ প্ৰাণৰ শিল্পী যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছতে অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ ছবিগৃহত আজি শুভ মুক্তি লাভ কৰা “ৰৈ ৰৈ বিনালে” নামৰ ছবিখনক লৈ দৰ্শক ৰাইজৰ লগতে ধেমাজিৰ জুবিন অনুৰাগীৰ মাজত ব্যাপক উৎকণ্ঠাৰ  সমান্তৰালভাৱে টিকটৰ দাম বৃদ্ধিৰ ঘটনাই চিনেমাপ্ৰেমী জুবিন অনুৰাগী লোকসকলক বাৰুকৈয়ে অসন্তুষ্ট কৰিছে ৷ উল্লেখ্য যে বিদুৰভাই নামৰ ছবিখন মুক্তি দিয়াৰ সময়তে মুকলি কৰা এই ছবিগৃহটোৱে বিগত সময়ছোৱাত দৰ্শক তথা চিনেমাপ্ৰেমী ৰাইজলৈ সঁহাৰি জনাই আহিছে ৷

শুক্ৰবাৰে পুৱা ৰাজ্যখনৰ ভিতৰতে প্ৰথম দৰ্শনীৰ সময়ত "ৰৈ ৰৈ বিনালে” ধেমাজিৰ আৰ আৰ চিনেমা গৃহত শুভমুক্তিৰ আগে আগে অসমীয়াৰ প্ৰাণৰ শিল্পী তথা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু শ্ৰদ্ধাজ্ঞলি জ্ঞাপন কৰে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি মনোজ গগৈয়ে ৷ অসমীয়াৰ প্ৰাণৰ শিল্পী তথা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ অভিনীত অন্তিমখন ছবি ৰৈ ৰৈ বিনালে” শুভমুক্তিৰ লগতে প্ৰথম দৰ্শনী বিপুল উৎসাহ আৰু উদ্দীপনাৰ মাজেৰে ধেমাজিৰ আৰ আৰ চিনেমাত শুভ মুক্তিৰ পুৱা ৪:০০ বজাত উপস্থিতহৈ ইতিহাসৰ এক উল্লেখযোগ্য দিন হিচাপে পৰিগণিতহৈ পৰে ধেমাজি জিলা ৷

ৰৈ ৰৈ বিনালে