/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/c180c7c8-dd52-4b3c-9a82-6b1c5b5a4cc3.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ খালৈ গাঁৱৰ বিশিষ্ট সমাজকৰ্মী, শিল্পী অতুল বৰুৱাৰ যোৱা ১১ ছেপ্টেম্বৰত মৃত্যু হয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলাৰ বুঢ়া শ্ৰীৰাম আতা আঞ্চলিক শাখাৰ উপসভাপতি, একশৰণ হৰিনাম ধৰ্মৰ একান্ত সেৱক অতুল বৰুৱাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰি আজি তেখেতৰ আদ্যশ্ৰাদ্ধৰ দিনা খালৈ গাঁৱৰ বাসগৃহত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়।
বুঢ়া শ্ৰীৰাম আতা আঞ্চলিক শাখাৰ সম্পাদক মনোজ কুমাৰ ভূঞাই আঁত ধৰা অনুষ্ঠানটিত উপস্থিত থাকি জগত চন্দ্ৰ হীৰা, জীৱন ডেকাকে প্ৰমুখ্য কৰি কেইবাগৰাকী ভকত বৈষ্ণৱে প্ৰয়াত অতুল বৰুৱাৰ জীৱন কৃতী বৰ্ননা কৰি অশ্ৰু অঞ্জলি প্ৰদান কৰে। উল্লেখ্য যে, প্ৰয়াত বৰুৱাই লাচিত বৰফুকন মধ্য ইংৰাজী বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি, শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক বিদ্যালয়ৰ সম্পাদক, শংকৰ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি, বৰনামঘৰৰ সভাপতি, জগত গুৰু পুঠিভড়ালৰ সম্পাদক আদি খালৈ গাঁও-এফলীয়াবড়ি অঞ্চলৰ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত সেৱা আগবঢ়াইছিল।