/asomiyapratidin/media/media_files/2026/01/27/whatsapp-image-2026-01-27-19-36-22.jpeg)
ডিজিটেল সংবাদ, কাজিৰঙাঃ নিৰ্বাচন আহিলেই অখিল গগৈয়ে বেছি কথা কোৱা আৰম্ভ কৰে,অখিল গগৈৰ প্লাব্লিচিটিৰ বেমাৰ আছে। কাজিৰঙাত এই মন্তব্য কৰে বোকাখাতৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰাই।
আনহাতে, ৰাষ্ট্ৰপতি ভৱনৰ অনুষ্ঠানত ৰাহুল গান্ধীয়ে উত্তৰ পূৰ্বাঞ্চলৰ গলবস্ত্ৰ পৰিধান নকৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মন্ত্ৰী অতুল বৰাই। সাংবাদিকৰ আগত তেওঁ উল্লেখ কৰে যে, গান্ধী পৰিয়ালে আমাৰ পৰম্পৰা গামোচাক পূৰ্বেও নেওচা দিছিল গতিকে ৰাহুল গান্ধীয়েও একেটাকে কৰিছে।কংগ্ৰেছে মানুহৰ আবেগক কোনো দিনেই হৃদয়ংগম কৰা নাই সেয়ে কংগ্ৰেছৰ এনে অৱস্থা বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।
ইফালে, বোকাখাত সমষ্টিত অব্যাহত আছে এটি কলি দুটি পাত আচনিৰ চেক বিতৰণৰ কাৰ্যসূচী। এই আঁচনিৰ দ্বাৰা বোকাখাত সমষ্টিত মুঠ ১৭০০০ শ্ৰমিক-কৰ্মচাৰী উপকৃত হব বুলি জানিবলৈ দিয়ে মন্ত্ৰী অতুল বৰাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us