/asomiyapratidin/media/media_files/2025/09/24/dsssssss-2025-09-24-23-49-40.jpg)
ডিজিটেল সংবাদ, বোকাখাতঃ বুধবাৰে নিশা বোকাখাত ৰজাবাৰীৰ প্ৰয়াত ৰক্তদাতা ৰাজু দাসৰ শোকাকুল পৰিয়ালবৰ্গৰ ওচৰত উপস্থিত হয় বোকাখাতৰ বিধায়ক , কেবিনেট মন্ত্ৰী অতুল বৰা। মন্ত্ৰী গৰাকী ৰাজু দাসৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালবৰ্গৰ প্ৰতি সমবেদনা প্ৰকাশ কৰাৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজু দাসৰ অনুৰাগী আৰু শুভাকাংখীয়ে। ৰক্তদাতা তথা সমাজকৰ্মী ৰাজু দাসৰ চিকিৎসাৰ সহায় আহ্বানৰ পিছতো সামান্যতমো সহায়ৰ দায়িত্ব পালন কৰা নাছিল মন্ত্ৰী অতুল বৰাই।
উল্লেখযোগ্য যে দুৰ্দশাগ্ৰস্ত লোকৰ বাবে উৎসৰ্গিত এটি সত্বা, কোনো ৰোগী , আহত দুৰ্ঘটনাগ্ৰস্তক মাজনিশাও সহায় কৰিবলৈ উদগ্ৰীৱ হৈ থকা তথা নিজৰ ব্যক্তিগত আলৈ আহুকালক একাশৰীয়া কৰি নিজৰ চমু জীৱনকালত ৩৯ বাৰকৈ আৰ্তজনক ব্যক্তিগত ভাৱে ৰক্তদান কৰি এক বিৰল আদৰ্শ সমাজত প্ৰতিষ্ঠা কৰি যোৱা বোকাখাত ৰজাবাৰীৰ যুৱক ৰাজু দাসৰ বিগত ১৫ ছেপ্তেম্বৰত জটিল ৰোগত আক্ৰান্ত হৈ দেহাৱসান ঘটিছিল।
দীৰ্ঘদিন অসুখীয়া শৰীৰেৰেই নিজৰ উন্নত চিকিৎসা কৰিবলৈ হাহাকাৰ কৰিব লগীয়া হৈছিল প্ৰয়াত ৰাজু দাসে। নিজৰ শুভাকাংখী-বন্ধুবান্ধৱৰ আশাশুধীয়া প্ৰচেষ্টাত কিছু ধনৰ যোগাৰ হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে সেয়া পৰ্যাপ্ত নাছিল। আনকি উপায়ন্তৰ হৈ মৃত্যুৰ তিনিদিন পূৰ্বে অৰ্থাৎ ১২ ছেপ্টেম্বৰত সহায়ৰ আহ্বান জনাই ৰাজু দাসে মুখ্যমন্ত্ৰীলৈ লিখিছিল এখন মুকলি চিঠি। উল্লেখযোগ্য যে উক্ত চিঠিত ৰাজু দাসে বোকাখাত বিধায়ক-মন্ত্ৰী অতুল বৰাক কিছু আৰ্থিক সহায়ৰ বাবে অনুনয় বিনয় কৰা আৰু বিধায়ক-মন্ত্ৰী গৰাকীয়ে সেই ক্ষেত্ৰত গুৰুত্ব নিদিয়া বুলি আক্ষেপ প্ৰকাশ কৰিছিল আৰু তিনিদিনৰ পিছতেই অৰ্থাৎ ১৫ ছেপ্টেম্বৰত ৰাজু দাসৰ কৰুণ মৃত্যু ঘটিছিল উন্নত চিকিৎসাৰ অভাৱত।
বোকাখাত সমষ্টিবাসীৰ বিপদৰ সময়ত চৌব্বিচ ঘন্টায়েই সংগ দিয়া বুলি সততে দাবী কৰা বিধায়ক-মন্ত্ৰী গৰাকীয়ে কিন্তু ৰাজু দাসৰ দৰে জনসাধাৰণৰ বাবে উৎসৰ্গিত যুৱকৰ অনুনয় বিনয়ৰ প্ৰতি তিলমানো গুৰুত্ব প্ৰদান নকৰিলে ফলত উন্নত চিকিৎসাৰ অভাৱতেই মৃত্যু হ'ল ৰাজু দাসৰ।
তাৎপৰ্যপূৰ্ণ ভাৱে সেই একেজন ৰাজু দাসৰ বাসগৃহত শোকাকুল পৰিয়ালবৰ্গৰ ওচৰত সমবেদনা লৈ বুধবাৰে উপস্থিত হ'ল বিধায়ক-মন্ত্ৰী অতুল বৰা। এইলৈ সামাজিক মাধ্যমত মন্ত্ৰীগৰাকীয়ে লিখিছে "তেওঁৰ দৰে এগৰাকী সম্ভাৱনাময় যুৱকৰ অকাল বিয়োগে পৰিয়ালবৰ্গ আৰু আত্মীয়-স্বজনৰ সৈতে আমাকো শোকাহত কৰে। বহুবাৰ বহুজনক ৰক্তদান কৰি তেওঁলোকৰ জীৱন ৰক্ষাত অৰিহণা যোগোৱা ৰাজুৰ অকাল বিয়োগ সমগ্ৰ বোকাখাতবাসীৰ বাবে এক অপূৰণীয় ক্ষতি।" মৃত্যুৰ সৈতে চটফটাই থকা ৰাজুৰ চিকিৎসাৰ আহ্বান আৰু অনুনয় বিনয়ক মান্যতা নিদিয়া মন্ত্ৰী গৰাকীৰ এই ভাষ্যৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বোকাখাত-ৰজাবাৰীত।
নিজৰ সমষ্টিবাসী এগৰাকী উৎসৰ্গিত যুৱকৰ জটিল ৰোগৰ সময়ত সামান্যতমো সহায় নকৰি শেষত পৰিয়ালবৰ্গৰ শোকৰ সমভাগী হোৱাৰ নৈতিক অধিকাৰ মন্ত্ৰীগৰাকীৰ আছেনে বুলি এতিয়া প্ৰশ্ন কৰিছে ৰাজু দাসৰ অনুৰাগী আৰু শুভাকংখীয়ে। লগতে পৰিয়ালবৰ্গৰ কাষত বুধবাৰে 'লেৰেলা সাদৰ' দেখুৱাবলৈ উপস্থিত নোহোৱা হ'লেহে ৰাজু দাসৰ আত্মায়ে শান্তি লাভ কৰিলে হেতেন বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে একংশ অনুৰাগী আৰু শুভাকংখীয়ে।