/asomiyapratidin/media/media_files/2025/08/27/new-ap-web-1-20-2025-08-27-15-20-14.jpg)
ডিজিটেল ডেস্কঃ চৰকাৰী আৰু দলীয় কাৰ্যসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। অমিত শ্বাহৰ আগমণৰ পূৰ্বে ৰাজ্যৰ ৰাজনীতিত ঘটিল নেকি ডাঙৰ অঘটন? এই প্ৰশ্ন এতিয়া সৰ্বত্ৰে উত্থাপন হৈছে।
বিজেপিৰ সহযোগী তথা আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ দুই শীৰ্ষ নেতা তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তই যোগদান কৰিলে নেকি বিজেপিত? আনুষ্ঠানিকভাৱে অগপৰ সভাপতি, কাৰ্যকৰী সভাপতিয়ে পিন্ধিলে নেকি গেৰুৱা বসন?
এই দুই নেতাই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰাৰ কোনো খবৰ নাই যদিও বৰাঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ পৰা বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয় বাজপেয়ী ভৱনলৈকে সকলোতে দেখা এই দুই নেতাৰ হৰ্ডিং, বেনাৰ আদিয়ে তেনে বাৰ্তাই প্ৰেৰণ কৰিছে। বিজেপিৰ প্ৰতীক পদুম ফুলৰ চিহ্ন সম্বলিত আৰু ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশ লিখা হৰ্ডিঙত দেখা গৈছে অতুল বৰা, কেশৱ মহন্তৰ ফটো। সেই হৰ্ডিঙৰ কোনো স্থানতে নাই অসম গণ পৰিষদৰ প্ৰতীক অথবা দলটোৰ নাম।
এইলৈ এতিয়া সামাজিক মাধ্যমত তীব্ৰ চৰ্চা চলিছে। বহুতেই আঞ্চলিকতাবাদী এই নেতাই আঞ্চলিকতাবাদৰ পোচাক এৰি গেৰুৱা দলটোত লীন যোৱাটোৱেই উচিত বুলি মন্তব্য কৰাও পৰিলক্ষিত হৈছে। আন বহুতে আকৌ নামত বিজেপি, অগপ দুটা ভিন্ন আদৰ্শৰ ৰাজনৈতিক দল যদিও দৰাচলতে এতিয়া এটা দললৈ পৰিণত হৈছে বুলিও উল্লেখ কৰিছে।
উল্লেখ্য যে, অহা ২৮ আগষ্টৰ সন্ধিয়া গুৱাহাটী পাবহি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। সেই নিশা কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত অতিবাহিত কৰা পিছত ২৯ আগষ্টত নৱ নিৰ্মিত ৰাজভৱন তেওঁ শুভ উদ্বোধন কৰিব।
এই অনুষ্ঠানৰ পিছত খানাপাৰাত এন ডি এৰ পঞ্চায়ত সন্মিলনত নৱ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলৰ আগত ভাষণ দিব শ্বাহে। বিয়লিলৈ তেওঁ অংশগ্ৰহণ কৰিব গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত। এনে কিছু কাৰ্যসূচী হাতত লৈয়ে অসমলৈ আহিবলগীয়া অমিত শ্বাহক আদৰণি জনাই ৰাজ্যিক বিজেপিয়ে বৰঝাৰৰ বিমান বন্দৰৰ পৰা আৰম্ভ কৰি সমগ্ৰ মহানগৰীত হৰ্ডিং, বেনাৰ, দলীয় পতাকা আঁৰি দিছে। তাৰ মাজতেই অগপৰ দুই নেতাৰ ফটো বিজেপিৰ হৰ্ডিঙত ডাঙৰ ডাঙৰকৈ উলমি থকা দেখা গৈছে।