ৰাইজ সাৱধান ! আহি আছে কিন্তু দিটৱাহ...

তামিলনাডুৰ কেইবাটাও অঞ্চলত সৃষ্টি হৈছে ঘূৰ্ণীবতাহ। বতৰ বিজ্ঞান কেন্দ্ৰই দেওবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি আগন্তুক ২৪ ঘণ্টাত ৰাজ্যখনৰ উত্তৰ প্ৰান্ত আৰু চুবুৰীয়া পুডুচেৰীৰ উপকূলৰ দিশে গতি কৰিব এই ঘূৰ্ণী বতাহ।

author-image
Asomiya Pratidin
New Update
353

ডিজিটেল ডেস্ক : তামিলনাডুৰ কেইবাটাও অঞ্চলত সৃষ্টি হৈছে ঘূৰ্ণীবতাহ। বতৰ বিজ্ঞান কেন্দ্ৰই দেওবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি আগন্তুক ২৪ ঘণ্টাত ৰাজ্যখনৰ উত্তৰ প্ৰান্ত আৰু চুবুৰীয়া পুডুচেৰীৰ উপকূলৰ দিশে গতি কৰিব এই ঘূৰ্ণী বতাহ।

আঞ্চলিক বতৰ বিজ্ঞান বিভাগৰ শেহতীয়া বুলেটিন অনুসৰি ঘূৰ্ণীবতাহজাকে ঘণ্টাত ৭ কিলোমিটাৰ বেগেৰে প্ৰায় উত্তৰ দিশলৈ গতি কৰি আছে। বৰ্তমান এই ঘূৰ্ণী কুড্ডালোৰৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ পূব-দক্ষিণ-পূব , কৰিকালৰ পৰা ১০০ কিলোমিটাৰ উত্তৰ-পূব, পুডুচেৰীৰ পৰা ১১০ কিলোমিটাৰ দক্ষিণত আছে।

এই ঘূৰ্ণী বতাহৰ নামকৰণ কৰিছে দিটৱাহ। ইয়াৰ প্ৰভাৱত দেশৰ কেইবাখনো ৰাজ্যৰ বতৰ ডাৱৰীয়া আৰু বৰষুণ হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে এই ঘূৰ্ণী বতাহৰ ফলত হোৱা প্ৰবল ধুমুহা আৰু বৃষ্টিপাতত ৩জন লোকৰ মৃত্যু হৈছে তামিলনাডুত ।

তামিলনাডু