আঞ্চলিক সংযোগ বৃদ্ধিৰ বাবে নিৰ্মাণ হ’ব নতুনকৈ ৫টা বিমানবন্দৰ

সমগ্ৰ ৰাজ্যতে বিমান পৰিবহণৰ আন্তঃগাঁথনি সম্প্ৰসাৰণ আৰু আঞ্চলিক সংযোগ বৃদ্ধিৰ বাবে লোকসেৱা ভৱনত অসম চৰকাৰ আৰু ভাৰতীয় বিমান প্ৰাধিকৰণৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠান অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
airportrttrr

ডিজিটেল ডেস্কঃ সমগ্ৰ ৰাজ্যতে বিমান পৰিবহণৰ আন্তঃগাঁথনি সম্প্ৰসাৰণ আৰু আঞ্চলিক সংযোগ বৃদ্ধিৰ বাবে লোকসেৱা ভৱনত অসম চৰকাৰ আৰু ভাৰতীয় বিমান প্ৰাধিকৰণৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠান অনুষ্ঠিত হয়। অসমত নতুন গ্রীণফিল্ড বিমানবন্দৰৰ প্ৰাক-সম্ভাৱনীয়তা জৰীপৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠান অনুষ্ঠিত হৈছে। 

মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত ভাষণ প্ৰসংগত কয়- চুক্তিখনৰ মূল লক্ষ্য নতুনকৈ ৫টা বিমানবন্দৰ নিৰ্মাণ কৰা। ৫টা স্থানৰে ভৌগোলিক এক বৈশিষ্ট্য আছে, লগতে আছে পৰ্যটনৰ সম্ভাৱনা। দেশৰ প্ৰতিৰক্ষা আৰু পৰ্যটন দুয়োটা দিশ সামৰি লৈ এই পৰিকল্পনা কৰা হৈছে। মাজুলী, ডিমাহাছাও, মানস সকলোতে সম্ভাৱনা আছে। পৰ্যটক আৰু উদ্যোগীসকলক বিশেষভাৱে আকর্ষণ কৰিব এই বিমানবন্দৰ সমূহে। 

লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে- শ্বিলঙতৰ সমানেই ধুনীয়া ডিমাহাছাও। সৰু বিমানেৰে অসমৰ এটা প্ৰান্তৰ পৰা অন্য প্ৰান্তলৈ যাব পৰাকৈ ব্যৱস্থা কৰা হ’ব। বছৰি ৭০ লাখৰ অধিক বিমান চলাচল কৰে গুৱাহাটী বিমানবন্দৰত। পূৰ্বতকৈ অধিক বিমানৰ ট্ৰেফিক বৃদ্ধি পাইছে গুৱাহাটী বিমানবন্দৰত। ডিব্ৰুগড়টো পূৰ্বকৈ অধিক বৃদ্ধি হৈছে এয়াৰ ট্ৰেফিক। শীঘ্ৰেই শিলচৰত নিৰ্মাণ হ’ব নতুন বিমানবন্দৰ। 

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা