/asomiyapratidin/media/media_files/2025/12/17/486-2025-12-17-23-06-17.jpg)
ডিজিটেল সংবাদ, ডবকা : হোজাই জিলাত আৰম্ভ হৈছে কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ জৰিয়তে বিভিন্ন ৰাজনৈতিক নেতাৰ ফটো বিকৃত কৰি চলোৱা হৈছে সন্মান হানিকাৰক অপপ্ৰচাৰ ৷ ভুৱা ফেচবুক একাউন্টৰ জৰিয়তে চলোৱা এনে অপপ্ৰচাৰত জাঙুৰ খাই উঠিছে ৰাজনৈতিক দলৰ লগতে সচেতন মহলো ৷
শেহতীয়াকৈ আজমল পৰিয়ালৰ তিনিগৰাকীকৈ ব্যক্তিৰ ফটো সংলগ্ন কৰি, অৰ্ধ উলংগ দেহাত ফটো লগাই কৰা হৈছে প্ৰচাৰ । AIUDF প্ৰধান বদৰউদ্দিন আজমল ,ভাতৃ বিধায়ক চিৰাজউদ্দিন আজমল আৰু পুত্ৰ তথা প্ৰাক্তন বিধায়ক মুফতি আব্দুৰ ৰহিম আজমলৰ বিকৃত ফটো দুষ্টচক্ৰই সামাজিক মাধ্যমত ভাইৰেল কৰি দিয়াত থানাই, থানাই গোচৰ তৰে এ আই ইউ ডি এফ নেতৃত্বই ৷
একপ্ৰকাৰ হোজাইত সৃষ্টি হৈছে ৰাজনৈতিক ধুমুহা, RA JA নামৰ এটি ফেচবুক পেজৰ পৰা মৌলানা বদৰউদ্দিন আজমল ,পুত্ৰ আব্দুৰ ৰহিম আজমল, ভাতৃ চিৰাজ উদ্দিন আজমলৰ বিকৃত ফটা প্ৰস্তুত কৰি 'কোন হ'ব বিন্নাকান্দি সমষ্টিৰ প্ৰাৰ্থী, এ বি চি' বুলি মতামত বিচাৰিছে দুষ্ট চক্ৰই ৷ কোনোবা দুষ্টচক্ৰই এ আইৰ জৰিয়তে উলংগ বিকৃত ফটো সামাজিক মাধ্যমত দিয়াৰ লগে লগে ধুমুহাৰ গতিত ফটোখন ভাইৰেল হৈ পৰিছে।
ৰাজা নামৰ ফেচবুক পেজটোৰ বিৰুদ্ধে হোজাই জিলাৰ থানাই থানাই গোচৰ দাখিল কৰিছে এআইইউডিএফ নেতৃত্বই ৷ হোজাই জিলা আমছুৰ সভাপতি কবিৰ আহমেদ লস্কৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে AIUDF প্ৰধান বদৰউদ্দিন আজমল আৰু তেওঁৰ পৰিয়ালৰ সদস্যৰ উলংগ ফটো বনাই সামাজিক মাধ্যমত প্ৰচাৰ কৰি হেয় প্ৰতিপন্ন কৰা কাণ্ড গৰিহনাৰ যোগ্য আৰু নিন্দনীয় ৷
তেওঁ কয় যে ৰাজনৈতিক আক্ৰমণ কৰিবলৈ গৈ অশ্লীলতাৰ সীমা চেৰাই যোৱা কাৰ্য্য গ্ৰহণযোগ্য নহয়। ৰাজনীতিৰ নামত কোনোবা নেতাৰ লগত এনে নিকৃষ্ট মানসিকতা সভ্য সমাজে মানি ল’ব নোৱাৰে।
এনেধৰণৰ অমানুষিক চৰিত্ৰ কাৰোৰেই লগত নহওঁক তাৰেই কামনা কৰাৰ লগতে ফেচবুক একাউন্টৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনায় ৷ ইফালে এই নিকৃষ্ট কাণ্ডৰ বিৰুদ্ধে গৰিহনা দিছে এআইইউডিএফৰ মূল প্ৰতিদ্বন্দ্বী ৰেজাউল কৰিম চৌধুৰীয়েও৷
ৰেজাউল কৰিম চৌধুৰীয়ে উক্ত ঘটনাৰ তীব্ৰ গৰিহনা দি কয় যে এজন মাওলানাৰ ফটো বিকৃত কৰা গৰিহণাৰযোগ্য ৷ কোনো লোকৰ ফটো বিকৃত কৰা ঠিক নহয়, ক্ষমাৰ যোগ্য নহয়, এনে লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে ৰেজাউলে ৷ আনহাতে আজমল পৰিয়ালৰ তিনি সদস্যৰ এই ফটো বিকৃতকৰণৰ ঘটনাত সমগ্ৰ হোজাই জিলাৰ সচেতন মহলেওঁ ধিক্কাৰ আৰু গৰিহনা দিয়ে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us