/asomiyapratidin/media/media_files/2026/03/06/244-2026-03-06-11-01-23.jpg)
ডিজিটেল ডেস্ক : ইৰাণৰ ওপৰত আমেৰিকা আৰু ইজৰাইলে চলোৱা বিমান আক্ৰমণৰ সাতটা দিন পাৰ হ’ল ৷ আজিও অব্যাহত আছে যুদ্ধৰ বিভিষিকা ৷ তথ্য মতে, ২৮ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা সামৰিক অভিযানৰ পাছতে ইৰাণত বৰ্তমানলৈকে কমেও ১২৩০ জন লোকৰ মৃত্যু হৈছে ।
ইৰাণৰ সংবাদ সংস্থা ফাৰ্ছৰ এক প্ৰতিবেদন অনুসৰি, ৰাজধানী টেহৰাণৰ দক্ষিণ-পশ্চিমে অৱস্থিত পাৰাণ্ড চহৰৰ দুখন বিদ্যালয়ত ক্ষেপণাস্ত্ৰই আক্ৰমণ কৰিছে । উপসাগৰীয় দেশ আৰু ইজৰাইলৰ আমেৰিকাৰ সামৰিক ঘাটিসমূহতো ইৰাণে মিছাইল আৰু ড্ৰোণ আক্ৰমণ অব্যাহত ৰাখিছে । ইজৰাইল, UAE, কাটাৰ, বাহৰেইন, কুৱেইট, চৌদি আৰবক লক্ষ্য কৰি এই আক্ৰমণ চলোৱা হৈছে ।
ইফালে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দাবী কৰে যে, ইৰাণৰ হাতত এতিয়া “কোনো বায়ুসেনা নাই, কোনো বায়ু প্ৰতিৰক্ষা নাই আৰু বায়ুসেনা সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে ৷’’ তেওঁ কয় যে ইৰাণক এনেদৰে ধ্বংস কৰা হৈছে যি পৰিস্থিতি মানুহে আগতে কেতিয়াও দেখা নাছিল । ইফালে ইৰাণৰ উচ্চতম নেশ্যনেল নিৰাপত্তা পৰিষদৰ সচিব আলী লাৰিজানীয়ে কয় যে ইৰাণৰ সেনাই আমেৰিকাৰ যিকোনো স্থল আক্ৰমণৰ বাবে “ৰৈ আছে” ।
উল্লেখযোগ্য যে, বাহৰেইনৰ মানামাত থকা ইজৰাইলৰ দূতাবাসত ইৰাণে নিশাৰ ভাগত আক্ৰমণ চলায় ৷ এই তথ্য সদৰী কৰিছে ফাৰ্চ নিউজ এজেন্সীয়ে ৷ ইৰাণৰ সংবাদ সংস্থা তাছনিমে প্ৰকাশ কৰা অনুসৰি, ইৰাণৰ এখন ড্ৰোণে আমেৰিকাৰ বিমানবাহী জাহাজ আব্ৰাহাম লিংকনক লক্ষ্য কৰি লৈছে ।
বাতৰি সংস্থাটোৱে খাটাম আল আনবিয়া কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ৰ মুখপাত্ৰৰ উদ্ধৃতি দি কয়, “ইৰাণৰ সামুদ্ৰিক সীমান্তৰ পৰা ৩৪০ কিলোমিটাৰ দূৰত্বত ওমান সাগৰত প্ৰৱেশ কৰি হৰমুজ জলদ্বীপ পৰিচালনা কৰিবলৈ প্ৰৱেশ কৰা বিমানবাহী জাহাজ আব্ৰাহাম লিংকনক ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছ নৌসেনাৰ ড্ৰোণে লক্ষ্য কৰি লৈছিল । একেদৰে ছৌদি আৰৱৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে, দেশখনৰ মধ্য আল-খাৰ্জ গভৰ্ণৰেটৰ পূব দিশত এটা ক্ৰুজ মিছাইল ধ্বংস কৰা হয়। অৱশ্যে মন্ত্ৰালয়ে এই সন্দৰ্ভত কোনো সবিশেষ তথ্য প্ৰদান কৰা নাই ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us