/asomiyapratidin/media/media_files/2026/02/12/112-2026-02-12-18-17-39.jpg)
ডিজিটেল সংবাদ, চতিয়া : কংগ্ৰছৰ উত্থানত ক্ৰমাৎ শংকিত হৈ পৰিছে শাসকীয় দল বিজেপি। শোণিতপুৰৰ বিহগুৰিৰ পিছত বৃহস্পতিবাৰে সেয়ে চতিয়াতো অসম প্ৰদেশ কংগ্ৰেছ কমিটীক সমদল কৰি যোৱাত বিজেপিৰ ভেৰোণীয়া গুণ্ডা বাহিনীয়ে বাধা প্ৰদান কৰে।
উল্লেখ্য যে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ, অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ ৰকিবুল হুছেইন, বিধায়ক শিৱামণি বৰা, নিখিল ভাৰত কংগ্ৰেছ কমিটী অসমৰ দায়িত্বত থকা সম্পাদক মনোজ চৌহান প্ৰমুখ্যে কংগ্ৰেছ দলৰ একাংশ নেতা-কৰ্মীয়ে আজি বিশ্বনাথ জিলাৰ চতিয়ালৈ সমদল কৰি যাবলৈ ওলাইছিল।
সেই সময়তে বিধায়ক পদ্ম হাজৰিকাৰ গুণ্ডাবাহিনীয়ে চতিয়াত কংগ্ৰেছৰ সমদলকাৰী দলটোক বে-আইনীভাৱে বাধা প্ৰদান কৰে। একাংশ দুষ্কৃতিকাৰীয়ে কংগ্ৰেছৰ নেতা-কৰ্মীৰ বাহনলৈ শিলগুটি নিক্ষেপ কৰাত বহু কংগ্ৰেছ কৰ্মী আহত হ’বলগীয়া হয়।
শিলগুটি নিক্ষেপ কৰাৰ ফলত কংগ্ৰেছৰ নেতা-কৰ্মীসকলৰ কেবাখনো বাহনো ক্ষতিগ্ৰস্ত হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত বিশ্বনাথ চাৰিআলি আৰক্ষীৰ এটা বৃহৎ দল বৰগাঙলৈ আহে আৰু তাতেই ঘটনা সন্দৰ্ভত কংগ্ৰেছৰ তৰফৰ পৰা দুষ্কৃতিকাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us