/asomiyapratidin/media/media_files/2025/12/12/dfdfdfdrffeggg-2025-12-12-17-39-25.jpg)
ডিজিটেল সংবাদ, মেৰাপানীঃ এইবাৰ মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল চাহ জনজাতি ছাত্র সন্থা। শুকুৰবাৰে আটছাৰ গোলাঘাট শাখাৰ উদ্যোগত ড্ৰাগছ মুক্ত অসম গঢ়াৰ লক্ষ্যৰে এক বৃহৎ সজাগতামূলক মটৰ চাইকেল ৰেলী বাহিৰ কৰা হয়।
জামুগুৰি বজাৰ প্ৰেক্ষাগৃহৰ পৰা আৰম্ভ হোৱা বাইক ৰেলীটো মেৰাপানীত উপস্থিত হৈ অৱশেষত গোলাঘাট নগৰত সমাপ্ত কৰা হয়। আটছাৰ শতাধিক সদস্যই হাতে হাতে প্লেকাৰ্ড লৈ ড্ৰাগছ বিৰোধী শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে।
উল্লেখযোগ্য যে, শেহতীয়াকৈ গোলাঘাট জিলাৰ গ্ৰাম্যাঞ্চলৰ লগতে চাহ বাগিচা সমূহত ড্ৰাগছৰ লগতে মাদক দ্ৰব্যৰ ব্যাপক পয়োভৰে যুৱ প্ৰজন্মক মৃত্যুৰ মুখলৈ ঠেলি দিছে। আটছা গোলাঘাট জিলা সমিতিয়ে ড্ৰাগছ নিৰ্মূলৰ বাবে গোলাঘাট জিলা আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us