ডিজিটেল সংবাদ,গোলাঘাটঃ উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম পীঠস্থান শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰে বহন কৰিছে কৃষ্টি-সংস্কৃতি,শান্তি-সম্প্ৰীতি, ঐক্য-প্ৰগতিৰ চানেকি। যদিওবা বিভিন্ন কাৰণত মাজে সময়ে ঐতিহ্যমণ্ডিত নামঘৰ ভাগীক লৈ বিতৰ্কৰ সূচনা হৈছে তথাপিও নিজা গৰিমাৰে গৰিমামণ্ডিত আঠখেলীয়া নামঘৰ। স্বকীয়তা, সৃজনীশীলতা, ঐক্যতাই সকলো দুষ্ট চক্ৰকে একাষৰীয়া কৰি আজিও সপ্ৰতিভ , স্থিতপ্ৰজ্ঞ আঠখেলীয়া মহাপ্ৰভূ, যাৰ চৰণত শিৰ নত কৰিলে মনোবাঞ্চা পূৰ্ণ হয়।
সেই বাবেই বছৰৰ ৩৬৫ দিনেই মহাপ্ৰভূৰ আশীষ গ্ৰহণাৰ্থে আগমন ঘটে বৈষ্ণৱ প্ৰাণ ৰাইজৰ। অসম মুলুকৰ উপৰিও দেশ- বিদেশৰ ভক্তই মূৰ দোৱাবলৈ আহে আঠখেলীয়া নামঘৰলৈ। গোলাঘাট জিলাৰ পূৱ দিশত অৱস্থিত ঐতিহাসিক শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰৰ মহিমা অপাৰ বুলি আছে লোক বিশ্বাস। এই নামঘৰ দৰ্শন কৰি সেৱা গ্ৰহণ কৰিলে ভক্ত সকলৰ পূৰ্ণ হয় মনৰ আশা। সেই বিশ্বাস আৰু আশা সাৰোগত কৰি নিতৌ নামঘৰলৈ সমাগম হয় অগণন ভক্তপ্ৰাণ ৰাইজৰ।
গোলাঘাট জিলাৰ তিনিখন নদী ক্ৰমে কাকডোঙা, মক্ৰং আৰু ঘিলাধাৰী নদীৰ সঙ্গমস্থলত অৱস্থিত হৈছে শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰ। আঠখেলীয়া নামঘৰৰ আৰম্ভণি কেতিয়া আৰু কেনেকৈ হৈছিল সেই কথা স্পষ্টকৈ কোনো তথ্য পোৱা নাযায় যদিও পূৰ্ব পুৰুষ সকলৰ মাজত চলি অহা কথা অনুসৰি আঠখেলীয়া নামঘৰ অৱস্থিত পবিত্ৰ ভূমিখণ্ডত আছিল এজন অজ্ঞাত সাধু -সন্ত লোক। ঘন অৰণ্য, হিংস্ৰ জীৱ জন্তুৰে পৰিপূৰ্ণ এই অঞ্চলটোত আশ্ৰম পাতিছিল সন্তজনে। এই অৰণ্যৰ মাজত থকা সাধু জনক এবাৰ লগ পাইছিল আহোমৰ তুংখুঙীয়া ফৈদৰ মহাসতী জয়মতীৰ স্বামী গদাপাণি কোঁৱৰে।
গদাপাণি কোঁৱৰে এই সাধু জনৰ আশ্ৰয়ত কিছু দিন অতিবাহিত কৰিছিল। আহোমৰ ল'ৰা ৰজাৰ ৰাজত্ব কালত ছদ্মবেশ ধৰি পলাই ফুৰা গদাপাণিয়ে এই সাধু জনৰ আশ্ৰমত আশ্ৰয় লৈছিল বুলি জনশ্ৰুতি আছে। অৱশ্যে পাছলৈ এই সন্তলোক জনৰ কি হ'ল বা তেওঁ ক'লৈ গ'ল সেই সম্পৰ্কে কোনো তথ্য পাবলৈ নাই।
১৬৮১ খ্ৰী:ত গদাপাণি কোঁৱৰে ৰাজ সিংহাসন লাভ কৰাৰ পাছত এই পূণ্য স্থানৰ বিষয়ে পাহৰি যোৱা নাছিল। পূৰ্বে লগ পোৱা সন্তলোক জনক বিচাৰি আহিছিল তেওঁ। সন্তজনৰ কোনো সন্ধান নাপাই বিশেষ আঠটা পৰিয়ালৰ ওপৰত আশ্ৰম ভাগ ৰক্ষণাবেক্ষণ আৰু প্ৰতি পালনৰ দায়িত্ব অৰ্পণ কৰে। পাছলৈ সেই আঠোটা পৰিয়ালৰ বংশবৃদ্ধি হোৱাত একোটা কুৰি বা চুবুৰীত পৰিণত হয়।
কালক্ৰমত আঠকুৰীয়া নামেৰে প্ৰখ্যাত হৈ পৰে এই অঞ্চল। সকলোৱে একে ধৰ্মৰ আচৰণ বিধি পালন কৰি সমাজ পাতি থাকিবলৈ লোৱা এই আঠটা কুৰিৰ সমষ্টিয়েই আঠকুৰীয়া আৰু পাছলৈ আঠখেলীয়া নামেৰে জনাজাত হৈ পৰিল। আদিম অৱস্থাৰ পৰাই এই পৱিত্ৰ ধৰ্ম অনুষ্ঠানৰ লগত জৰিত হৈ বা ভোগ কৰি থকা খেল সমূহ হ'ল- বচা কুৰি, বৈৰাগী কুৰি, ব্ৰাহ্মণ কুৰি, নাঙল কুৰি,শলা'ল কুৰি, কছাৰি কুৰি, বৰাহী কুৰি আৰু কাকতি কুৰি। পূৰ্বে শ্ৰীশ্ৰী আঠখেলীয়া হৰি মন্দিৰ হিচাপে প্ৰচলিত হৈ আহিছিল যদিও ১৯৭০ চনৰ পৰা 'শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰ' নামকৰণ কৰা হয়।
২১ শতিকাৰ আৰম্ভণিৰ পৰা এই নামঘৰক আধুনিক পদ্ধতিৰে সজাই পৰাই তোলাৰ চেষ্টা কৰা হয়। ৰাইজৰ উদ্যোগত " আঠখেলীয়া নামঘৰ উন্নয়ন প্ৰকল্প" গঠন কৰে। তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৰাইজৰ আহ্বানক গুৰুত্ব প্ৰদান কৰি ১০ নৱেম্বৰ ২০০১ চনত উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি ৫ লাখ টকাৰ অনুদান আগবঢ়ায়। গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগে বিধায়ক পুঁজিৰ পৰা ৫ লাখ টকাৰ অনুদান আগবঢ়ায় ।
সহস্ৰজনৰ দান বৰঙণিৰে সমৃদ্ধিশালী কৰিছে আঠখেলীয়া নামঘৰক। ভকত- বৈষ্ণৱৰ পদধূলাই পৱিত্ৰ তীৰ্থস্থানলৈ পৰ্যবসিত কৰা আঠখেলীয়া নামঘৰৰ চৌহদ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ অৱকাশ আছে। এইক্ষেত্ৰত চৰকাৰে সদিচ্ছা প্ৰকাশ কৰিলে ৰাইজৰ হৃদয়ৰ অনুষ্ঠানটিয়ে অন্য এক স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ'ব। স্ব-মহিমাৰে মহিমামণ্ডিত আঠখেলীয়াৰ বুকুত প্ৰৱাহিত হওঁক আধ্যাত্মিকতাৰ বীজ, ভক্তি মাৰ্গৰ দৰ্শন, কৃষ্টি সংস্কৃতিৰ মেটমৰা সম্ভাৰ, হওঁক জ্ঞানৰ আলোকেৰে আলোকিত চৌদিশ।