/asomiyapratidin/media/media_files/2025/09/19/aatasu-19-2025-09-19-13-19-30.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত থকা ঐতিহাসিক সম্পদসমূহ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰ আৰু জিলা প্ৰশাসনৰ ব্যৰ্থতাৰ বিৰুদ্ধে সংবাদমেল অনুষ্ঠিত কৰি হুংকাৰ দিছে সদৌ তাই আহোম ছাত্ৰ সন্থাই। শিৱসাগৰ চহৰৰ মাজমজিয়াত থকা ঐতিহাসিক যমুনা সংৰক্ষণ আৰু শোভাবৰ্দ্ধনৰ ক্ষেত্ৰত চৰকাৰ, জিলা প্ৰশাসন, পুৰাতত্ব বিভাগ, পৌৰসভাৰ ব্যৰ্থতাৰ বিৰুদ্ধে সংগঠনটোৱে ক্ষোভ উজাৰে।
জিলা প্ৰশাসনে যমুনাৰ অবৈধ বেদখল শীঘ্ৰেই উচ্ছেদ নকৰিলে সদৌ তাই আহোম ছাত্ৰ সন্থাই ৫০ হাজাৰ মানুহ লগত লৈ নিজাববীয়াকৈ উচ্ছেদ অভিযান চলোৱাৰ হুংকাৰ দিয়ে সংবাদ মেলত। এই সন্দৰ্ভত চৰকাৰী পক্ষৰ স্থিতিৰ বাবে আজি সন্ধ্যা পাঁচ বজালৈকে শেষ সময়সীমা বান্ধি দিলে সদৌ তাই আহোম ছাত্ৰ সন্থাই।
ঐতিহাসিক শিৱদ’ল, দেৱীদ’ল, বিষ্ণু দ’লৰ উপৰিও ঐতিহাসিক শিৱসাগৰ পুখুৰীৰ অস্তিত্ব বৰ্তি থকা যমুনা সংৰক্ষণৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ চূড়ান্ত ব্যৰ্থতাক ভৰ্ৎসনা কৰে সদৌ তাই আহোম ছাত্ৰ সন্থাই। সদৌ তাই আহোম ছাত্ৰ সন্থাই বিভিন্ন সময়ত যমুনাৰ অবৈধ বেদখলৰ বিৰুদ্ধে কাৰ্য্যসূচী গ্ৰহণ কৰি অহাৰ পাছতো চৰকাৰ তথা জিলা প্ৰশাসনে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰে।
আজি সন্ধিয়া পাঁচ বজাৰ ভিতৰত ব্যবস্থা গ্ৰহণ নকৰিলে শনিবাৰে সদৌ তাই আহোম ছাত্ৰ সন্থাই নিজাববীয়াকৈ উচ্ছেদৰ পদক্ষেপ গ্ৰহণ কৰিব। ইয়াৰ বাবে সদৌ তাই আহোম ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতি কোনোপধ্যে দায়ী নহ’ব বুলি জানিবলৈ দিয়ে সংগঠনটোৱে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us