প্ৰয়াত তৰুণ গগৈৰ নিকৃষ্ট ৰাজনীতিৰ বাবেই জনজাতিকৰণৰ পৰা বঞ্চিত আহোমসকলঃ মিলন বুঢ়াগোহাঁই...

ৰাজ্যৰ আহোমসকলৰ বাবেই  অতিকৈ দুৰ্ভাগ্যজনক এয়াই যে নিজৰ জনগোষ্ঠীৰ দুজনকৈ মুখ্যমন্ত্ৰীয়ে দীৰ্ঘদিন ৰাজ্যৰ শাসনভাৰ চলোৱাৰ পিচতো জনজাতিকৰণৰ বাবে আজি টাই আহোমসকল ৰাজপথলৈ ওলাব লগা হৈছে।

New Update
rfrff

ডিজিটেল ডেস্কঃ ৰাজ্যৰ আহোমসকলৰ বাবেই  অতিকৈ দুৰ্ভাগ্যজনক এয়াই যে নিজৰ জনগোষ্ঠীৰ দুজনকৈ মুখ্যমন্ত্ৰীয়ে দীৰ্ঘদিন ৰাজ্যৰ শাসনভাৰ চলোৱাৰ পিচতো জনজাতিকৰণৰ বাবে আজি টাই আহোমসকল ৰাজপথলৈ ওলাব লগা হৈছে। আৰু এয়া হৈছে  প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈৰ নিকৃষ্ট ৰাজনীতি আৰু সদিচ্ছাৰ অভাৱৰ বাবেই। বিস্ফোৰক এই মন্তব্য আটাছুৰ সভাপতি মিলন বুঢ়াগোহাঁইৰ।

ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ বিৰোধী কংগ্ৰেছে যে আজি ঘৰিয়ালৰ চকু পানী টুকিছে সেয়া এতিয়া দিনৰ পোহৰৰ দৰেই স্পষ্ট। কংগ্ৰেছ শাসনত বিশেষকৈ তৰুণ গগৈৰ কাৰ্যকালত কৰি থৈ যোৱা কেতবোৰ নকৰিবলগীয়া কামৰ বাবেই আজি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো জটিল হৈ পৰা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰাৰ পিচত এতিয়া কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈছে জনজাতিকৰণৰ দাবী তুলি থকা জনগোষ্ঠীয় সংগঠন সমূহৰ নেতৃত্বই।

বুধবাৰে কংগ্ৰেছৰ দুই প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈক তীব্ৰ সমালোচনাৰে আক্ৰমণাত্মক হৈ উঠে আটাছুৰ নেতৃত্ব।সৰু পথাৰত জনজাতিকৰণৰ দাবীৰে উলিওৱা এক সমদলৰ পিচতেই এই আক্ৰমণ আটাছুৰ সভাপতি মিলন বুঢ়াগোহাঁইৰ।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বাৰ্তাত বুঢ়াগোহাঁইয়ে কয় যে, হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈ দুয়োজন নিজৰ জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী থকাৰ পিচতো দুয়োজনে টাই আহোমৰ জনজাতিকৰণৰ বিষয়টোক লৈ একৱেই নকৰিলে। আনকি কেন্দ্ৰীয় চৰকাৰৰ সৈতে বিষয়টোক লৈ আলোচনাই নকৰিলে। এয়া তেওঁলোকৰ সদিচ্ছাৰ অভাৱ। তেওঁলোকৰ সদিচ্ছাৰ অভাৱৰ বাবেই আজি আমি ৰাজপথত আন্দোলন কৰিবলগা হৈছে।

এতিয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এজন দক্ষ মুখ্যমন্ত্ৰী। তেখেতৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে।মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কৈছে তেখেতে ২৫ নৱেম্বৰত কেন্দ্ৰীয় চৰকাৰলৈ ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মন্ত্ৰী গোটৰ প্ৰতিবেদন প্ৰেৰণ কৰিব আৰু আমি তাক লৈ আশাবাদী।যি শক্তিয়েই বিৰোধ নকৰক কিয়,মুখ্যমন্ত্ৰীয়ে আমাৰ সপক্ষেই প্ৰতিবেদন দিব বুলি আমি বিশ্বাসী।তৰুণ গগৈ চৰকাৰে কৰা ভুলটো যাতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নকৰে তাৰ প্ৰতি আমি আহ্বান জনাইছো।

বিগত সময়ত কংগ্ৰেছ চৰকাৰে বিষয়টোত গাঁঠি লগাই থৈ যোৱাৰ বাবেই আজি ট্ৰাইবেল সংঘকে ধৰি কেইবাটাও সংগঠনে এতিয়া ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰিবলৈ সুযোগ পাইছে।কংগ্ৰেছে কৰা ভুলৰ পৰিণাম আজি কংগ্ৰেছে ভোগ কৰিছে বুলি দাবী কৰি মিলন বুঢ়াগোহাঁইৰ সকিয়ণি চৰকাৰলৈ-কংগ্ৰেছে কৰাৰ দৰে ভুল যাতে এই চৰকাৰে নকৰে।
 আহোম জনগোষ্ঠীয় সংগঠন আটাছুৰ উদ্যোগত বুধবাৰে সৰুপথাৰত অনুষ্ঠিত হোৱা প্ৰতিবাদী সমদলত ভাগ লয় হাজাৰ হাজাৰ লোকে। হাতে হাতে জোৰ লৈ জনজাতিকৰণৰ দাবীত ৰাজপথ কঁপাই তোলে প্ৰতিবাদী  সকলে।

তৰুণ গগৈ