জনজাতিকৰণক ৰাজনীতি ইচ্ছ্যু নকৰিবঃ ধেমাজিৰ পৰা আটাছুৰ সকিয়নী...

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত  আটাছুৰ কেন্দ্ৰীয় সমিতিৰ  উপ -সভাপতি মনোজ গগৈয়ে সাংবাদিক আগত  তীব্ৰ প্ৰতিক্ৰিয়াৰ প্ৰকাশ কৰিছে ৷ ৰাজ্য চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৰ লৈ

author-image
Asomiya Pratidin
New Update
ujjjd

ডিজিটেল সংবাদ, ধেমাজিঃ  ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত  আটাছুৰ কেন্দ্ৰীয় সমিতিৰ  উপ -সভাপতি মনোজ গগৈয়ে সাংবাদিক আগত  তীব্ৰ প্ৰতিক্ৰিয়াৰ প্ৰকাশ কৰিছে ৷ ৰাজ্য চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৰ লৈ  মুখ্যমন্ত্ৰীয়ে  কৰা মন্তব্যৰ লগতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কৰা মন্তব্যক লৈ সাংবাদিকৰ আগত মঙলবাৰে বিয়লি  প্ৰতিক্ৰিয়াৰ প্ৰকাশ কৰি কয় যে, আগুন্তুক ২০২৬ৰ নিৰ্বাচনত বিজেপিয়ে গাদী দখল কৰিবলৈ অপাৰগ হোৱা ভয়তেই  চলাহী কথাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছয় জনগোষ্ঠীয় ৰাইজক দিনে দিনে  আভুৱাঁ ভৰিবলৈ ধৰিছে ৷

ছয় জনগোষ্ঠীয়ে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে তীব্ৰতাৰে আন্দোলন চলাই আহিছে বুলিও উল্লেখ কৰে ৷  একেদৰে ছয় জনগোষ্ঠীয় আন্দোলন তথা সমগ্ৰ বিষয়টোলৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কৰা  মন্তব্যক লৈ অখিল গগৈৰ  বিৰুদ্ধেও প্ৰতিক্ৰিয়াৰ প্ৰকাশ  কৰিছে আটাছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি মনোজ গগৈয়ে ৷ ৰাইজৰ দলৰ সভাপতি অখিল গগৈক ছয় জনগোষ্ঠীক লৈ ভৱিষ্যতে কোনো  ৰাজনীতি ইছু নকৰিবলৈ  সক্ৰিয়াই  দিছে  ৷ আটাছুৰ নেতা গৰাকীয়ে ৰাইজৰ দলৰ  সভাপতি অখিল গগৈয়ে নেপালৰ সদৃশ পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে বুলি কৰা মন্তব্যক লৈও তীব্ৰ সমালোচনা কৰে ৷

ধেমাজি