ধুবুৰীত ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্তিৰ শুভ উন্মোচন

আজি ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মদিন। জন্মদিন উপলক্ষে আজি ধুবুৰী চহৰৰ হৰিসভাৰ সমীপত বাজপেয়ীৰ প্ৰতিমূৰ্তিৰ শুভ উন্মোচন কৰে ধুবুৰী জিলাৰ অবিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। 

author-image
Asomiya Pratidin
New Update
GHFGHHGHFGBGG

ডিজিটেল সংবাদ, ধুবুৰীঃ আজি ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মদিন। জন্মদিন উপলক্ষে আজি ধুবুৰী চহৰৰ হৰিসভাৰ সমীপত বাজপেয়ীৰ প্ৰতিমূৰ্তিৰ শুভ উন্মোচন কৰে ধুবুৰী জিলাৰ অবিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। 

ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্তিৰ শুভ উন্মোচন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত দেশত সুশাসনৰ আৰম্ভ হৈছিল। অটল বিহাৰী বাজপেয়ীৰ জীৱন দৰ্শনক আগত লৈ সকলোৱে নিজৰ কামত আগৱাঢ়ি যোৱাৰ বাবে মন্ত্ৰী গৰাকীয়ে প্ৰত্যেককে আহ্বান জনায়।

CaptureGRFGDFGDF

আজি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ধুবুৰীৰ কেইবাটাও কাৰ্যসূচীত অংশ লোৱা দেখা যায়। ইয়াৰ ভিতৰত ধুবুৰীৰ হৰিসভা প্ৰাংগণত সু-শাসন দিৱস অটল স্মৃতি বৰ্ষ উদযাপন অনুষ্ঠানত ভাগ লোৱাৰ লগতে পাঞ্চমৰত পুন:নিৰ্মিত নেতাজী পাৰ্কৰ উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰে। আনহাতে, ধুবুৰী চহৰৰ ১ নং ৱাৰ্ডস্থিত ক্ল'ক টাৱাৰ চৌহদত 'কেনভাছ' দেৱাল আলোচনীৰ উন্মোচনী অনুষ্ঠানত অংশ গ্ৰহণ কৰাৰ উপৰি আৰু কেবাটাও কাৰ্যসূচীত ভাগ লোৱা দেখা যায় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক।

অটল বিহাৰী বাজপেয়ী