/asomiyapratidin/media/media_files/2025/12/07/425-2025-12-07-09-59-01.jpg)
ডিজিটেল ডেস্ক : ক্ষোভিত ছাত্ৰ- ছাত্ৰীৰ সিংহ গৰ্জনেৰে বিগত ৭৮ দিনে উত্তপ্ত হৈ আছে তেজপুৰ বিশ্ববিদ্যালয়ৰ চৌহদ । প্ৰতিবাদকাৰীৰ দাবী- পলাতক উপাচাৰ্য শম্ভূনাথ সিঙক বৰ্খাস্ত কৰাৰ লগতে বিশ্ববিদ্যালয়ত সংঘটিত অবাধ দুৰ্নীতিৰ তদন্ত হ'ব লাগে । এই স্থিতিত অটল প্ৰতিবাদকাৰীসকলে শনিবাৰৰ নিশা তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/07/whatsap-2025-12-07-09-59-25.jpeg)
উল্লেখযোগ্য যে, প্ৰায় ৫ হাজাৰৰো অধিক ছাত্র-ছাত্ৰী আৰু শিক্ষক- কৰ্মচাৰীয়ে উপাচাৰ্য শম্ভূনাথ সিঙক বৰ্খাস্ত কৰিবলৈ মূল প্ৰৱেশ দ্বাৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে । তেজপুৰ বিশ্ববিদ্যালয়ৰ শেহতীয়া পৰিস্থিতৰ বুজ লোৱাৰ উদ্দেশ্যে শনিবাৰে কেন্দ্ৰীয় চৰকাৰৰ উচ্চ শিক্ষাৰ সচিব তথা বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষ ড৹ বিনীত যোশী আৰু সৌম্যয় গুপ্তাৰ লগতে এগৰাকী সঞ্চালক আৰু উচ্চ শিক্ষাৰ সংযুক্ত সচিবে বিশ্ববিদ্যালয়ত উপস্থিত হৈছিল ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/07/whatsapp-ima-2025-12-07-09-59-40.jpeg)
উক্ত প্ৰতিনিধি দলটোৱে বিশ্ববিদ্যালয়ত প্ৰৱেশ কৰাৰ সময়ত বিভিন্ন শ্লোগানৰে ছাত্র-ছাত্ৰীসকলে বিতৰ্কিত উপাচাৰ্য শম্ভূনাথ সিঙক বৰ্খাস্ত কৰাৰ প্লেকাৰ্ড দেখুৱাই প্ৰতিবাদ সাব্যস্ত কৰে । ইউ জি চিৰ অধ্যক্ষ ড০ বিনীত যোশী আৰু উচ্চ শিক্ষা মন্ত্ৰণালয়ৰ যুটীয়া সচিব সৌম্য গুপ্তাসহ প্ৰতিনিধি দলটো উপস্থিত হৈ ছাত্ৰ, শিক্ষক সন্থা আৰু অনা শৈক্ষিক কৰ্মচাৰীৰ প্ৰতিনিধিৰ সৈতে পৃথকে পৃথকে এক আলোচনাত মিলিত হয় । কিন্তু আলোচনাৰ সিদ্ধান্তক লৈ অসন্তুষ্ট বিশ্ববিদ্যালয়ৰ ছাত্ৰ শিক্ষক সমাজ । ফলত বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰ বন্ধ কৰি পথ অৱৰোধৰে প্ৰতিনিধি দলটোক আবদ্ধ কৰি ৰাখে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/07/whatsapp-ima-2025-12-07-09-59-57.jpeg)
ইফালে পৃথক পৃথক আলোচনাৰ অন্তত সচিব বিনীত যোশীয়ে কয়, ''সকলোৰে লগত আলোচনা কৰা হ'ল । দেওবাৰে ৰাজ্যপালৰ লগত এই বিষয়ে আলোচনা কৰা হ'ব ।'' ভাৰপ্ৰাপ্ত উপাচাৰ্য ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যই কয় যে তেওঁলোকে ছাত্র-শিক্ষক সকলোৰে কথাক প্ৰাধান্য দিছে আৰু যিহেতু বিষয়টো তদন্ত কৰিবলৈ আহিছে, ইয়াৰ প্ৰতিবেদন ৰাজ্যপাল আৰু কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ক দিব । এসপ্তাহৰ ভিতৰত ইয়াৰ উত্তৰ আহিব বুলিও কয় ভট্টাচাৰ্যই ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us