দক্ষিণ ফিলিপাইনছত ফেৰী  দুৰ্ঘটনাঃ  ১৮ জনৰ মৃত্যু

MV তৃষা কাৰষ্টিন-৩ নামৰ ফেৰীখনত সংঘটিত হয় এই অঘটন। ফেৰীখন এৰাৰ ৪ ঘণ্টা পাছত নিশা ১.৫০ বজাত মাজ সাগৰত ডুব যায় ফেৰীখন।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ দক্ষিণ ফিলিপাইনছৰ উপকূলত সংঘটিত হয় এক ফেৰী দুৰ্ঘটনা। ৩৫০ জনতকৈ অধিক লোক কঢ়িয়াই অনা এখন ফেৰী ডুবি যোৱাৰ ফলত ১৮ জন লোকে মৃত্যুমুখত পৰিব লগা হয়। 

WhatsApp Image 2026-01-27 at 11.11.08 AM

উল্লেখ্য যে, MV তৃষা কাৰষ্টিন-৩ নামৰ ফেৰীখনত সংঘটিত হয় এই অঘটন। ফেৰীখন এৰাৰ ৪ ঘণ্টা পাছত নিশা ১.৫০ বজাত মাজ সাগৰত ডুব যায় ফেৰীখন। জাম্বোৱাংগা চহৰৰ পৰা জলদ্বীপলৈ যাত্ৰা কৰিছিল ফেৰীখনে। ফিলিপাইনছৰ উপকূলৰক্ষী বাহিনীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ৩১৭ জন লোকক উদ্ধাৰ কৰা হৈছে ৷ ইপিনে ২৪ জন লোক এতিয়াও নিৰুদ্দেশ হৈ আছে । অব্যাহত আছে অনুসন্ধান আৰু উদ্ধাৰ অভিযান। উদ্ধাৰ অভিযানৰ বাবে হেলিকপ্টাৰ আৰু বিশেষ জাহাজ ব্যৱহাৰ কৰা হৈছে।

WhatsApp Image 2026-01-27 at 11.11.57 AM

দক্ষিণ ফিলিপাইনছ