/asomiyapratidin/media/media_files/2025/11/25/320-2025-11-25-16-19-05.jpg)
ডিজিটেল ডেস্ক : আফগানিস্তানৰ দক্ষিণ-পূব খোষ্ট প্ৰদেশত সোমবাৰে মাজনিশা পাকিস্তানী বন্দুকধাৰীয়ে অৰ্ধসামৰিক বাহিনীৰ কাৰ্যালয়ত আত্মঘাতী বোমা বিস্ফোৰণ কৰাৰ ফলত কমেও ৯টা শিশু আৰু এগৰাকী মহিলা নিহত হয়। এই তথ্য সদৰী কৰিছে তালিবান প্ৰশাসনে। প্ৰশাসনে জনোৱা অনুসৰি বিস্ফোৰণত নিহত শিশুসকলৰ ভিতৰত পাঁচটা ল’ৰা আৰু চাৰিজনী ছোৱালী আছিল।
উল্লেখযোগ্য যে, তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে এই সম্পৰ্কত কয় যে, দেশখনৰ খোষ্ট প্ৰদেশৰ গুৰবুজ জিলাত সোমবাৰে মাজনিশা এই আক্ৰমণ সংঘটিত হৈছিল। তেওঁ সামাজিক মাধ্যমৰ এটা পোষ্টত লিখিছে যে পাকিস্তানে স্থানীয় বাসিন্দা কাজী মিৰৰ পুত্ৰ ৱালিয়াত খানৰ ঘৰত বোমা বৰ্ষণ কৰিছিল। ফলত তেওঁৰ ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ যোৱাৰ লগতে ৯ টি শিশু আৰু এগৰাকী মহিলাৰ মৃত্যু হয়।
প্ৰণিধানযোগ্য যে, সোমবাৰে মাজনিশা পাকিস্তানৰ পেছোৱাৰত ভয়ংকৰ আত্মঘাতী আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল । প্ৰথমজন আত্মঘাতী বোমাৰুৱে অৰ্ধসামৰিক মুখ্য কাৰ্যালয়ৰ মূল গেট আক্ৰমণ কৰিছিল আৰু দ্বিতীয়জনে চৌহদত প্ৰৱেশ কৰিছিল । অৰ্ধসামৰিক বাহিনীৰ মুখ্য কাৰ্যালয়ত সংঘটিত এই আত্মঘাতী আক্ৰমণত ৯জন শিশুৰ লগতে এগৰাকী মহিলাৰ মৃত্যু হোৱা বুলি বাতৰি লিখা পৰলৈকে জানিব পৰা গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us