/asomiyapratidin/media/media_files/2025/09/23/409-2025-09-23-19-07-06.jpg)
ডিজিটেল ডেস্ক : বিগত কিছুদিনৰ পৰা দশা বেয়া আছিল জুবিন গাৰ্গৰ। কাল সৰ্প যোগৰ প্ৰভাৱত পৰিছিল জুবিন গাৰ্গ ! যাৰ বাবে বিভিন্ন সময়ত বিতৰ্কৰ উপৰি বিভিন্ন সমস্যাত পৰা বুলি জ্যোতিষশাস্ত্ৰই উল্লেখ কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ সম্পৰ্কতো জ্যোতিষশাস্ত্ৰৰ গণনাই কৈছে বহু বিস্ফোৰক কথা।
ইতিমধ্যে তেজপুৰ, বালিসত্ৰৰ জ্যোতিষী দিব্যজ্যোতি শইকীয়াই ২০২২ চনতে জুবিন গাৰ্গৰ ৰাশিচক্ৰ গণনা কৰি পোৱা বিভিন্ন ভৱিষ্যতবাণী উল্লেখ কৰিছে। জ্যোতিষশাস্ত্ৰৰ গণনা মতে জুবিন গাৰ্গৰ প্ৰকৃততে জন্ম হৈছিল ১৮ নৱেম্বৰ ১৯৭১ চনৰ তুৰাত। বাৰ আছিল বৃহস্পতিবাৰ, তিথি আছিল শুক্লা প্ৰতিপদ। তাৰোপৰি যোগ আছিল শোভনযোগ।
বৃশ্চিক ৰাশিৰ অনুৰাধা(১৭) নক্ষত্ৰ আছিল তেওঁৰ। অনুৰাধা নক্ষত্ৰৰ প্ৰথম চৰণত শনিৰ দশাত জাতপুৰুষৰ মূৰত কুম্ভৰ লগ্ন(২৪)ত জুবিন গাৰ্গৰ জন্ম। এই হিচাপত গণনা কৰিলে দেখা যায় যে, জুবিন গাৰ্গৰ উত্তৰণৰ সময় আছিল ১৭ বছৰ ১০ মাহ বয়সৰ পৰা।
জুবিন গাৰ্গে বুধৰ দশা ভোগ কৰিছিল ৮ অক্টোবৰ ১৯৮৯ৰ ৭ অক্টোবৰ ২০১০লৈ। এই সময়ছোৱাত তেওঁ ৰাজযোগ ভোগ কৰা বুলি জ্যোতিষশাস্ত্ৰই উল্লেখ কৰিছে। কাকতলীয়ভাৱে এনে যোগ বিখ্যাত যোগগুৰু ৰামদেৱৰ ৰাশিচক্ৰৰ গণনাতো পোৱা গৈছে।
একেদৰে জ্যোতিষশাস্ত্ৰই জুবিন গাৰ্গৰ অশুভ সময়ৰ কথাও উল্লেখ কৰিছে। জুবিন গাৰ্গৰ অশুভ কালছোৱা আছিল ৪ এপ্ৰিল ১৯৯৯ৰ পৰা ২২ অক্টোবৰ ২০০১।
জুবিন গাৰ্গে কেতুৰ দশাতো ভুগিছিল। যাৰ বাবে তেওঁ প্ৰায়ে বিতৰ্কত সোমাই পৰিব লগা হৈছিল। তেওঁ ৭ অক্টোবৰ ২০০৬ৰ পৰা ৭ অক্টোবৰ ২০১৩লৈকে কেতুৰ দশাত ভুগিছিল।
অৱশ্যে এইখিনি সময়তে কেতু ষষ্ঠত আৰু চন্দ্ৰৰ ঘৰত অৱস্থান কৰাত তেওঁ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান পাবলৈ সক্ষম হৈছিল। আনহাতে ৭ অক্টোবৰ ২০১৩ৰ পৰা ৭ অক্টোবৰ ২০৩৩লৈকে শুক্ৰৰ দশাত আছিল জুবিন গাৰ্গ। এই সময়ছোৱাত তেওঁ প্ৰায়েই বিতৰ্কত সোমাই পৰিব বুলিও ভৱিষ্যতবাণী কৰিছিল ৰাশিচক্ৰ গণনাই।
ৰাশিচক্ৰ গণনাই জুবিন গাৰ্গক সাৱধান হৈ চলিবও দিছিল উপদেশ। তেওঁক ২০২০ৰ পৰা ২৩লৈ দিছিল সাৱধানে থকাৰ উপদেশ। উল্লেখযোগ্য কথাটো হ’ল দশমত চন্দ্ৰ নীচ হোৱাৰ ফলত জুবিন গাৰ্গে ভৱিষ্যতে বিশেষ ব্যক্তিৰ পৰা বিষ ভোজনৰ ভয় থকা বুলিও ৰাশিচক্ৰ গণনাই কৈছে।
গণনাত ইয়াকো উল্লেখ কৰা হৈছিল যে, জুবিন গাৰ্গৰ টোপনি কম হ’ব। মাজে মাজে দশা বেয়া হোৱাৰ বাবে নিৰাশাবাদীয়ো হৈ পৰিব। খৰচৰ মাত্ৰা বৃদ্ধি পাব।
অৱশ্যে দশমত যেতিয়া গুৰুকূলে অৱস্থান কৰিব তেতিয়া তেওঁ শ্ৰেষ্ঠ যোগ লাভ কৰিব বুলিও ভৱিষ্যতবাণী কৰিছিল জ্যোতিষী দিব্যজ্যোতি শইকীয়াই। গুৰু আৰু চন্দ্ৰৰ অৱস্থানে অষ্টম স্থানত জুবিন গাৰ্গক যুগনায়ক হিচাপেও গঢ় দিব বুলি জ্যোতিষশাস্ত্ৰৰ গণনাত পোৱা গৈছে।