'নিযুঁত মইনা'ৰ নামত ধন লৈ নিলম্বিত বিদ্যালয়ৰ সহায়ক : অধ্যক্ষক কৈফিয়ত

নগাঁও জিলাৰ বিভিন্ন চৰকাৰী বিদ্যালয়ত অবাধে ধন সংগ্ৰহৰ কথা পোহৰলৈ আহিছে । চৰকাৰী আচঁনি প্ৰদানৰ নামত বিদ্যালয়ৰ প্ৰধান শিক্ষক -কৰ্মচাৰীয়ে ছাত্ৰ-ছাত্ৰীৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে

author-image
Asomiya Pratidin
New Update
117

ডিজিটেল সংবাদ, নগাঁও : নগাঁও জিলাৰ বিভিন্ন চৰকাৰী বিদ্যালয়ত অবাধে ধন সংগ্ৰহৰ কথা পোহৰলৈ আহিছে । চৰকাৰী আচঁনি প্ৰদানৰ নামত বিদ্যালয়ৰ প্ৰধান শিক্ষক -কৰ্মচাৰীয়ে ছাত্ৰ-ছাত্ৰীৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে। 

জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই সোমবাৰে নগাঁও চহৰৰ ডচন বহুমূখী বিদ্যালয়ত উপস্থিত হৈ চৰকাৰী নিযুত মইনা আঁচনিৰ প্ৰ- পত্ৰ প্ৰদানৰ নামত ধন লোৱাৰ ঘটনা ধৰা পেলায় । বিদ্যালয়ৰ উচ্চ বৰ্গ সহায়ক পৱন কুমাৰ বৰাই নিয়ুত মইনা আঁচনি নামত ধন লোৱা বুলি বিদ্যালয়ৰ ছাত্ৰী সকলে অভিযোগ দাখিল কৰে ।

লগতে ধন নিদিয়া ছাত্ৰীক আঁচনিৰ পৰাৰ বাদ দিয়া বুলিও গুৰুতৰ অভিযোগ উঠে । আয়ুক্তই হঠাৎ বিদ্যালয় খনিত উপস্থিত হৈ অধ্যক্ষ তপন বৈদ্যক লগত লৈ শিক্ষাৰ্থীসকলৰে মতবিনিময় কৰাৰ পিছতে বিদ্যালয়খনিত ছাত্ৰ ছাত্ৰীৰ পৰা অবৈধভাৱে ধন লৈ থকা ঘটনা পোহৰলৈ আনে ।

এই সময়ছোৱাতে আয়ুক্ত শৰ্মাক ছাত্ৰ ছাত্ৰীসকলে পৰিচয় পত্ৰ প্ৰদানৰ নামত, নামভৰ্তিৰ নামত , ৰেজিষ্টটেচনৰ নামত পবন কুমান বৰাই ধন লোৱাৰ কথা অৱগত কৰে । এই অভিযোগৰ পিছতে বিদ্যালয়সমূহৰ পৰিদৰ্শকক জিলা আয়ুক্তই তলব কৰে আৰু সহায়ক পবন কুমাৰ বৰাক তৎকালে নিলম্বিত কৰিবলৈ নিৰ্দেশ দিয়ে।

একেদৰে অধ্যক্ষ তপন বৈদ্যক কৈফিয়ৎ তলব কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে । পিছত পৰিদৰ্শক মৃদুল নেওঁগে দুয়োজনৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্হা গ্ৰহণ কৰে ।

নিযুত মইনা আঁচনি