বিজেপি চৰকাৰ হ’লে প্ৰতিটো আঁচনি হ’ব কেলেংকাৰী মুক্ত : নৰেন্দ্ৰ মোডী

বিজেপি চৰকাৰ হ’লে প্ৰতিটো আঁচনি হ’ব কেলেংকাৰী মুক্ত : নৰেন্দ্ৰ মোডী

author-image
asomiyapratidin
New Update
বুধবাৰে নাৰায়ণপুৰলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী…

ডিজিটেল ডেস্ক : ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে শাসক বিৰোধী উভয়ে প্ৰচাৰ তুংগত ৰাখিছে । প্ৰতিটো ৰাজনৈতিক দলে ষ্টাৰ কেম্পেইনাৰৰ জৰিয়তে চলাইছে নিৰ্বাচনী প্ৰচাৰ । প্ৰধানমন্ত্ৰী মোডীয়ে বুধবাৰে পশ্চিমবংগত এক নিৰ্বাচনী সভাত অংশ লয় । পশ্চিম বংগৰ নিৰ্বাচনী সভাৰ পিছতে বুধবাৰে বিয়লি অসমৰ নাৰায়নপুৰ আৰু ছিপাঝাৰত প্ৰচাৰ চলাব মোডীয়ে ।

Advertisment

মোডীয়ে পশ্চিমবংগৰ কান্থিৰ নিৰ্বাচনী সভাত কয় যে- স্বাধীনতাৰ ৭৫ বছৰ উদযাপনত পশ্চিম বংগৰ এক বিশেষ গুৰুত্ব আছে। স্বাধীনতা যুদ্ধত দিয়া প্ৰতিটো অৱদান ভৱিষ্যত প্ৰজন্মলৈ জনোৱাটো বিজেপি চৰকাৰৰ প্ৰাথমিকতা। সেয়েহে, পশ্চিম বংগও বিজেপিৰ সংকল্পৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ।

মোডীয়ে লগতে কয় যে – বিজেপিৰ সংকল্প হৈছে পশ্চিমবংগৰ দুখীয়া লোক সকলক উন্নয়ন প্ৰদান কৰা। বিজেপিয়ে প্ৰতিটো আঁচনি কেলেংকাৰী মুক্ত কৰিব। প্ৰতিটো আঁচনি হিতাধিকাৰীসকলে বেঙ্ক একাউণ্টত প্ৰত্যক্ষ ভাবে লাভা কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিব। য'ত কোনো মধ্যস্থতাকাৰী নাথাকে ।