পৰ্বতঝোৰাত বন মাফিয়াৰ আক্ৰমণত আহত বনকৰ্মী

পৰ্বতঝোৰাত বন মাফিয়াৰ আক্ৰমণত আহত বনকৰ্মী। আহত বনকৰ্মীজন ৰূপচী বনাঞ্চলিক কাৰ্যালয়ৰ ধৰ্ম ৰাজ ব্ৰহ্ম বুলি জানিব পৰা গৈছে।

author-image
Asomiya Pratidin
New Update
1

 ডিজিটেল ডেস্কঃ পৰ্বতঝোৰাত অব্যাহত আছে বন ধ্বংস যজ্ঞ। বন বিভাগক মেনেজ কৰি বন মাফিয়াই দিনে-নিশাই চলাই গৈছে এই বন ধ্বংস যজ্ঞ। পিছে পৰ্বতঝোৰাত বন মাফিয়াৰ আক্ৰমণত আহত বনকৰ্মী। আহত বনকৰ্মীজন ৰূপচী বনাঞ্চলিক কাৰ্যালয়ৰ ধৰ্ম ৰাজ ব্ৰহ্ম বুলি জানিব পৰা গৈছে। আঠাৰোকাঠাত বনদস্যুয়ে মূল্যবান শাল গছ কাটি সৰবৰাহ কৰি থাকোতে বন কৰ্মীয়ে অভিযান চলায়। 

উল্লেখ্য যে, অভিযানৰ সময়তে বনদস্যুয়ে বনকৰ্মীৰ আক্ৰমণ কৰাত গুৰুতৰ আহত হয় এজন বনকৰ্মী । ইপিনে এই ঘটনাৰ পাছতে বনকৰ্মীক আক্ৰমণ কৰি পলায়ন কৰে বনদস্যুৱে । এই সংক্ৰান্তত বন বিভাগে কাজিগাঁও থানাত এজাহাৰ দাখিল কৰে। ইপিনে শাল গছৰ কুণ্ডা খিনি বনকৰ্মীয়ে জব্দ কৰি ৰূপচী বনাঞ্চলিক কাৰ্যালয়লৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে। 

পৰ্বতঝোৰা