নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় যুঁজত অসমৰ সাফল্য

অসমবাসীৰ বাবে সুখবৰ। নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে দেশব্যাপী চলি থকা ৰাষ্ট্ৰীয় যুদ্ধত অসমে অগ্ৰণী ভূমিকা গ্ৰহণ কৰি ইতিমধ্যে এক শক্তিশালী স্থিতিত উপনীত হৈছে

author-image
Asomiya Pratidin
New Update
nisa

ডিজিটেল ডেস্ক : অসমবাসীৰ বাবে সুখবৰ। নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে দেশব্যাপী চলি থকা ৰাষ্ট্ৰীয় যুদ্ধত অসমে অগ্ৰণী ভূমিকা গ্ৰহণ কৰি ইতিমধ্যে এক শক্তিশালী স্থিতিত উপনীত হৈছে। ৰাজ্য চৰকাৰৰ তিনিমুখী কৌশল—বলবৎকাৰী অভিযান, পুনৰ্বাসন আৰু সজাগতা - একেলগে কাম কৰি ৰাজ্যখনক নিচামুক্ত ভবিষ্যতৰ দিশে আগুৱাই লৈ গৈছে।

সৰ্বপ্ৰথমে, কঠোৰ বলবৎকাৰী অভিযান : অসম আৰক্ষী আৰু জিলা প্ৰশাসনৰ সমন্বিত প্ৰচেষ্টাই ইতিমধ্যে বহু ড্ৰাগছ চক্র উতখাত কৰিছে। মূল ড্ৰাগছ মাফিয়াসকলৰ বিৰুদ্ধে লক্ষ্যভিত্তিক অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে। লগতে শতাধিক মাফিয়া-যোগসূত্ৰ থকা ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে।

এই অভিযানত কোনো ধৰণৰ আপোচ নাই। ড্ৰাগছ ৰাজহুৱাভাৱে ধ্বংস কৰাৰ মাধ্যমে চৰকাৰৰ আইন-শৃংখলাৰ প্ৰতি শূণ্য সহনশীলতাৰ স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে। আনহাতে, মুখ্যমন্ত্ৰীৰ সামাজিক মাধ্যমৰ সজাগতামূলক বাৰ্তাই যুৱসমাজৰ মাজত ড্ৰাগছৰ বিৰুদ্ধে দৃঢ় মানসিকতা গঢ়ি তুলিছে।

দ্বিতীয়তে, পুনৰ্বাসন ব্যৱস্থাৰ শক্তিশালীকৰণ : ড্ৰাগছৰ বিৰুদ্ধে যুঁজ মানে কেৱল জব্দ-গ্ৰেপ্তাৰ নহয়; পুনৰুদ্ধাৰো সমান গুৰুত্বপূর্ণ। ড্ৰাগছ আসক্ত যুৱক-যুৱতীসকলক সমাজত পুনৰ সংযুক্ত কৰাৰ বাবে পুনৰ্বাসন প্ৰণালীৰ ওপৰতো সমান গুৰুত্ব আৰোপ কৰিছে। ৰাজ্যৰ সকলো ড্ৰাগছ পুনৰ্বাসন কেন্দ্ৰ কঠোৰ পৰীক্ষা-নিৰীক্ষা কৰি মানৱীয় আৰু বৈজ্ঞানিক পদ্ধতি অনুসৰণ নিশ্চিত কৰি এই কেন্দ্ৰসমূহক পুনৰুদ্ধাৰৰ নিৰাপদ আশ্ৰয়স্থল হিচাপে গঢ়ি তোলা হৈছে। উদ্দেশ্য এটাই - আসক্ত ব্যক্তিৰ জীৱনত নতুন পথ দেখুৱাই তেওঁলোকক সমাজৰ মূলধাৰালৈ ঘূৰাই আনা।

তৃতীয়তে, সজাগতা আৰু সংবেদনশীলতা : নিচামুক্ত সমাজ গঢ়িবলৈ তৃণমূল পৰ্যায়ৰ চেতনাই আটাইতকৈ দীঘলীয়া প্ৰভাৱ পেলায়। সেই লক্ষ্যেই অসমৰ সকলো জিলা প্ৰশাসনে নিয়মিতভাৱে সংবেদনশীলতা কাৰ্যসূচী, গাঁও-চহৰভিত্তিক সম্প্ৰদায়িক আলোচনা আৰু প্ৰমাণভিত্তিক সজাগতাৰ মডিউল গ্ৰহণ কৰিছে। বিদ্যালয়, মহাবিদ্যালয়, শিক্ষা প্ৰতিষ্ঠানত বিশেষ সজাগতা শিবিৰ চলাই কিশোৰ-কিশোৰীৰ মাজতো নিচাৰ বিপদসমূহৰ বিষয়ে আলোচনা কৰা হৈছে। এই একত্ৰিত প্ৰচেষ্টাই সমাজত প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিছে।

মন্ত্রী-বিধায়ক, আৰক্ষী, প্ৰশাসন আৰু জনসাধাৰণ সকলো একেটা লক্ষ্য লৈ একমতঃ নিচামুক্ত অসম। এই অভিযান কেৱল এটা চৰকাৰী নীতি নহয়; অসমবাসীৰ ভবিষ্যত সুৰক্ষিত কৰাৰ বাবে এটা দৃঢ় সমষ্টিগত প্ৰতিশ্ৰুতি।

নিচাযুক্ত দ্ৰব্য নিচাযুক্ত সামগ্ৰী