/asomiyapratidin/media/media_files/2026/02/01/41-2026-02-01-12-31-25.jpg)
ডিজিটেল ডেস্ক : ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰশ্ব্যনৰ উদ্যোগত আৰু উত্তৰাখণ্ড পেন্চাক চিলাট এছ'চিয়েশ্বনৰ সহযোগত ২৯ৰ পৰা ৩১ জানুৱাৰীলৈকে উত্তৰাখণ্ড ৰাজ্যৰ ডেৰাডুনত সৰ্বভাৰতীয় পৰ্য্যায়ত তিনিদিনীয়াকৈ অনুষ্ঠিত হয় চিংগা, মাকান, প্ৰী-টীন, প্ৰী-জুনিয়'ৰ, জুনিয়'ৰ আৰু চিনিয়'ৰ পেন্চাক চিলাট প্ৰতিমোগিতা :২০২৬। এই প্ৰতিযোগিতাত অসমে পাঁচটা সোণৰ, ছয়টা ৰূপৰ আৰু সাতটা ব্ৰঞ্জৰ পদকেৰে মুঠ ১৮টা পদক অৰ্জন কৰি ৰাজ্যখনক উজলাই তুলিছে।
দেশৰ ৩৪ ৰাজ্যৰ উপৰিও ITBP, CISF আৰু বিভিন্ন ৰাজ্যৰ আৰক্ষী খেলুৱৈসহ প্ৰায় ১৪০০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰা উক্ত প্ৰতিযোগিতাখনত অসম আৰক্ষীৰ খেলুৱৈয়েও প্ৰতিযোগিতা আগবঢ়ায়। অসম পেনচাক চিলাট সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আৰু কাৰিকৰী সঞ্চালক তথা ভাৰতীয় পেনচাক চিলাট মহাসংঘৰ জ্যেষ্ঠ কার্যনির্বাহী সদস্য লক্ষ্যজিত দলেৰ নেতৃত্বত যোৱা অসম দলৰ মুখ্য প্ৰশিক্ষকৰূপে মাষ্টাৰ স্বপন দৈমাৰীয়ে আৰু ৰাষ্ট্ৰীয় বিছাৰক ঔম চেত্ৰীয়ে মুখ্য বিচাৰকৰূপে প্ৰতিযোগীতাখনত দায়িত্বভাৰ লাভ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/01/whatsapp-im-2026-02-01-12-32-25.jpeg)
ৰাজখনৰ হৈ শোণিতপুৰ জিলাৰ আফ্ৰুজা খাতুন আৰু প্ৰগতি মহন্তুই সোণৰ পদক আৰু জুতিকা ৰাভাই ব্ৰঞ্জৰ পদক, ধেমাজী জিলাৰ দীপশিখা দাধৰাই সোনৰ পদক, মোহন কলিতাই ৰূপৰ পদক, সঞ্জিত লিম্বু, আৰু লোহিতা পেগুৱে ব্ৰঞ্জৰ পদক, তিনিচুকীয়া জিলাৰ যজ্ঞ সন্দিকৈ আৰু ইৱানী কুমাৰীৰ সোনৰ পদক, মোহিনী প্ৰধান, মৌচম চেতীয়া আৰু দিব্যজ্যোতি বৰাই ৰূপৰ পদক, গুণগুণ যাদৱে ব্ৰঞ্জৰ পদক আৰু অসম পুলিচৰ হৈ নিজম বসুমতাৰীয়ে আৰু পম্পি দেউৰীয়ে ৰূপৰ পদক আৰু কুমাৰ মাধূৰ্য্য পেগুৱে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে প্ৰতিযোগিতাখনিৰ সামৰণী অনুষ্ঠানত ৰাজ্যখনৰ ক্ৰীড়া মন্ত্ৰী মাননীয়া ৰেখা আৰ্য্য উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us