মুকলি হ'ল এটা ব্যতিক্ৰমী সংগ্ৰহালয়ঃ প্ৰতিবিধ সামগ্ৰীয়ে লৈ যাব শৈশৱলৈ, কৰি তুলিব ৰোমাঞ্চিত...

sports museum
sports museum

ডিজিটেল ডেস্কঃ এটা ব্যতিক্ৰমী সংগ্ৰহালয়। গুৱাহাটী মহানগৰীৰ মাজ মজিয়াত স্থাপন কৰা হৈছে এই ব্যতিক্ৰমী সংগ্ৰহালয়টো। এই সংগ্ৰহালয়টোৱে আপোনাক লৈ যাব শৈশৱলৈ।

কি নাই এই সংগ্ৰহালয়টোত? পেং, কেটেপা, বাটলু গুটি, ধনু কাঁড়, লাটুম, নাঙল- যুঁৱলি, ধুপ খেলৰ সামগ্ৰী, মাৰ্বল, কড়ি, কাগজৰ চিলা, হিলৈ, ঘিলাকে ধৰি ১০০ ৰো অধিক খেলৰ সামগ্ৰী সংগ্ৰহ কৰা হৈছে এই সংগ্ৰহালয়টোত। সংগ্ৰহালয়টোত আছে নাও খেলৰ সামগ্ৰী, কৃষি সঁজুলি, মাছ ধৰা সামগ্ৰী। আছে কাৰ্বি, মিচিং, বড়ো, তিৱা, ৰাভাকে ধৰি অসমৰ বিভিন্ন জাতি, জনগোষ্ঠীৰ পৰম্পৰাগত খেল ধেমালিৰ সঁজুলি।

কেৱল খেলৰ সঁজুলিয়েই নহয়, সংগ্ৰহালয়টোত অহৰহ দেখাই থকা হৈছে এই থলুৱা খেলসমূহ কিদৰে খেলা হয়। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় ৬০০ ৰো অধিক থলুৱা আৰু পৰম্পৰাগত খেল পুনৰ উদ্ধাৰ কৰি সংৰক্ষণৰ লগতে প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ প্ৰয়াস অব্যাহত ৰখা ক্ৰীড়া সাংবাদিক চিৰঞ্জীৱ শৰ্মাৰ একান্ত প্ৰচেষ্টাত গঢ় লৈ উঠিছে এই বিশেষ সংগ্ৰহালয়টো।

আজি গুৱাহাটীৰ ৰাজগড়ত চিৰঞ্জীৱ শৰ্মাৰ একান্ত প্ৰচেষ্টাত ক্ৰীড়া আৰু সাংস্কৃতিক অধ্যয়ন কেন্দ্ৰই অলিম্পিয়া ট্ৰেডিশ্যনেল স্পৰ্টছ মিউজিয়াম নামেৰে স্থাপন কৰা এই সংগ্ৰহালয়টো শুভ উদ্বোধন কৰে অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ উদেষ্টা পৰিষদৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে। সংগ্ৰহালয়টো স্থাপন কৰাৰ ক্ষেত্ৰত জড়িত হৈ আছে চিৰঞ্জীৱ শৰ্মাৰ সুদীৰ্ঘ ১০ বছৰৰো অধিক সময়ৰ প্ৰচেষ্টা।

কেৱল খেলেই নহয়, খেলৰ লগত জড়িত বহু কেইখন গুৰুত্বপূৰ্ণ গ্ৰন্থও প্ৰকাশ আৰু প্ৰণয়ন কৰিছে চীৰঞ্জীৱ শৰ্মাই। অনষ্ঠানত চিৰঞ্জীৱ শৰ্মাই সংগ্ৰহালয়টোৰ সন্দৰ্ভত কয়- প্ৰাথমিক পৰ্যায়ত পৰম্পৰাগত খেল-ধেমালিৰ সা- সৰঞ্জামেৰে এই সংগ্ৰহালয়টো গঢ়ি তোলা হৈছে যদিও পৰ্যায়ক্ৰমে ইয়াক পূৰ্ণাংগ ৰূপ দিয়া হ’ব৷

তেওঁ কয়, প্ৰকৃততে এই ক্ৰীড়া সংগ্ৰহালয়টো গঢ়াৰ কাম ২০১৪ চনৰ পৰাই আৰম্ভ হৈছে ৷ ক্ৰীড়াৰ সৈতে জড়িত কোনো বিষয় যাতে বাদ পৰি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি আগতীয়াকৈ কেতবোৰ গুৰুত্বপূৰ্ণ কাম কৰি অহা হৈছে ৷ ইয়াৰ ভিতৰত আন্তৰ্জাতিক ক্ৰীড়াক্ষেত্ৰত ৬ টা দশকৰ অসমীয়া, ৰঞ্জি ক্ৰিকেটত অসম সন্তান, অসমৰ ক্ৰীড়া ইতিহাস : থলুৱা আৰু পৰম্পৰাগত খেল-ধেমালিৰ প্ৰথম আৰু দ্বিতীয় খণ্ড, Sports History of Assam : Traditional Sports and Games (Vol. I), আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ টছেন বৰাৰ ‘মই যেতিয়া ফুটবল.....’, সিদ্ধাৰ্থ শংকৰ ডেকাৰ ‘আই এছ এল : আশা আৰু আশংকা’, জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক পবিত্ৰ গগৈৰ ‘অনবদ্য গিলবাৰ্ট, সুবোধমল্ল বৰুৱাৰ ৰচনা সমগ্ৰ, ‘অসম ফুটবলৰ বৰ্ণিল যাত্ৰা, ‘যাত্ৰাৰ আঁৰৰ যাত্ৰা’, ক্ৰীড়া সাংবাদিক বিদ্যুৎ কলিতাৰ ‘ঈশ্বৰ আমাক ফুটবল দিয়া’ আদি বহুকেইখন গ্ৰন্থ প্ৰকাশ কৰা হৈছে ৷

ইফালে এই ব্যতিক্ৰমী সংগ্ৰহালয়টোত উপস্থিত হৈ ৰোমাঞ্চিত হৈ পৰিল আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন সাঁতোৰবিদ এলভিছ আলী হাজৰিকা। হাজৰিকাই অতীত ৰোমন্থন কৰি তেওঁ কিদৰে এই খেলসমূহ খেলিছিল সেই বিষয়ে উল্লেখ কৰাৰ লগতে নিজ সন্তানকো এই সংগ্ৰহালয়লৈ আনিব বুলি উল্লেখ কৰি সকলোকে সংগ্ৰহালয়টো পৰিদৰ্শন কৰিবলৈ আহ্বান জনায়।

ভাষণ প্ৰসংগত উদ্বোধক গীতাৰ্থ গোস্বামীয়ে জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক চিৰঞ্জীৱ শৰ্মাই এনে এটা আকৰ্ষণীয় ক্ৰীড়া সংগ্ৰহালয় গঢ়ি তোলাৰ বাবে তেওঁক ভূয়সী প্ৰশংসা কৰে আৰু এই ক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰা সম্ভৱপৰ সকলো সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। আনহাতে এই সংগ্ৰহলায়টো আজিৰে পৰা সকলো ৰাইজৰ বাবেই মুকলি থাকিব বুলিও চিৰঞ্জীৱ শৰ্মাই জানিবলৈ দিছে।

অনুষ্ঠানত গীতাৰ্থ গোস্বামীৰ উপৰিও প্ৰাক্তন প্ৰশাসনিক বিষয়া তথা ক্ৰীড়া সংগঠক ৰাজীৱ প্ৰকাশ বৰুৱা, প্ৰাক্তন টাইকোৱাণ্ড খেলুৱৈ পৰাগধৰ কোঁৱৰ, এলভিছ আলী হাজৰিকা, দেৱজিত গগৈ, সৰ্বভাৰতীয় ক্ৰীড়া সাংবাদিক ফেডাৰেচনৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক সুবোধ মল্ল বৰুৱা, জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক উদয় বৰগোঁহাইকে ধৰি ক্ৰীড়া ক্ষেত্ৰৰ সৈতে জড়িত বহু বিশিষ্ট ব্যক্তি, ক্ৰীড়া সংগঠক উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in