এছিয়ান মাষ্টাৰছ পাৱাৰলিফটিং চেম্পিয়নশ্বিপত চাৰিটা ব্ৰঞ্জৰ পদক লাভ ড০ সঞ্চিতা শৰ্মাৰ

তুৰস্কৰ ইস্তানবুলত অনুষ্ঠিত এছিয়ান মাষ্টাৰছ উইমেন ক্লাছিক পাৱাৰলিফটিং চেম্পিয়নশ্বিপ ২০২৫ত উজলিল অসম জীয়ৰী।

author-image
Asomiya Pratidin
New Update
sxdsasas

ডিজিটেল ডেস্কঃ তুৰস্কৰ ইস্তানবুলত অনুষ্ঠিত এছিয়ান মাষ্টাৰছ উইমেন ক্লাছিক পাৱাৰলিফটিং চেম্পিয়নশ্বিপ ২০২৫ত উজলিল অসম জীয়ৰী। চাৰিটাকৈ ব্ৰঞ্জৰ পদক লাভ কৰি গুৱাহাটীৰ ডাঃ সঞ্চিতা শৰ্মাই অসম তথা দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। ৬৯ কেজি মাষ্টাৰছ-২ শাখাত (৫০ বছৰৰ ওপৰত) প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি স্কুৱেট, বেঞ্চ প্ৰেছ, ডেডলিফ্ট আৰু অভাৰঅল প্ৰদৰ্শনত ব্ৰঞ্জৰ পদক লাভ কৰে ডাঃ সঞ্চিতা শৰ্মাই।

WhatsApp Image 2025-12-13 at 10.13.20 PMউল্লেখযোগ্য যে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এনাস্থেচিয়া বিজ্ঞানৰ অধ্যাপক, ডাঃ শৰ্মাও এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাৱাৰলিফ্টাৰ। বিগত ২ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা। 

WhatsApp Image 2025-12-13 at 10.13.21 PM

পেছাদাৰী কৃতিত্বৰ বাহিৰেও ডাঃ শৰ্মা এগৰাকী মাতৃ,  চিকিৎসক, ব্যৱসায়ী, তথা ইউটিউবাৰ। ডাঃ সঞ্চিতা শৰ্মাৰ এই সাফল্যত গৌৰৱান্বিত ৰাজ্যবাসী। 

পাৱাৰলিফটিং