চৰকাৰৰ অভিলাষী প্ৰকল্পই অসমৰ অৰ্থনৈতিক মানচিত্ৰ সলনি কৰিবঃ বিজেপি

"চৰকাৰখনে অসমীয়া ভাষা সংস্কৃতি আৰু ঐতিহ্যৰ প্রতি ভাবুকি কঢ়িয়াই অনা শক্তিসমূহক কেৱল আশ্বাস বা প্রতিশ্রুতিৰে নহয়, হাতে কামে মোকাবিলা কৰিবলৈ প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিছে"

author-image
Asomiya Pratidin
New Update
hbs

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটীৰ ৰিং ৰোড প্রকল্প, কাজিৰঙা এলিভেটৰ, নুমলীগড়-গহপুৰ সংযোগী ব্রহ্মপুত্র তলেৰে নিৰ্মাণ হবলগীয়া সুৰঙ্গ পথ, ২৭০০০ কৌটি টকীয়া জাগীৰোডৰ চেমি কণ্ডাক্টৰ প্ৰকল্প, ভাৰতবৰ্ষৰ প্ৰথম ২-জি জৈৱ শোধানাগাৰ প্ৰকল্প আদি যিঅভিলাষী প্রকল্পৰ কাম এই চৰকাৰ খনে বিগত সময়চোৱাত হাতত লৈছে। এই প্ৰকল্পসমূহ ৰূপায়নৰ বাবে সময় নির্ধাৰিত কৰ্মসূচী প্রস্তুত কৰিছে চৰকাৰে। এই সমূহ প্রকল্প সম্পূর্ণ হৈ উঠিলে ৰাজ্যখনৰ অর্থনৈতিক উন্নয়নত সুদূৰ প্ৰসাৰী প্রভাৱ পেলোৱাৰ লগতে নিবনুৱা সমস্যাৰ সমাধানতো গুৰুত্বপূর্ণ ভূমিকা ল'ব বুলি বিজেপিৰ ৰাজ্যিক কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা সংবাদমাধ্যমলৈ প্রেৰণ কৰা এক প্ৰেছ বিবৃতিত দলটোৰ মুখ্য মুখপাত্র কিশোৰ উপাধ্যায়ে উল্লেখ কৰে।

Advertisment

উল্লেখযোগ্য যে, বৰ্তমানৰ ৰাজ্যৰ অর্থনীতি দেশৰ ভিতৰতে তৃতীয় দ্রুততম বিকাশশীল অর্থনীতি হিচাপে পৰিগণিত হৈছে। ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত অসমৰ GSDP ২০২০-২১ বৰ্ষৰ তুলনাত ১১৩ শতাংশ বৃদ্ধি হৈ ২০২৪-২৫ বর্ষত ৭.২৫ কোটি টকা হৈছে। মূলধনী ব্যয়ৰ ক্ষেত্ৰত ২০২০-২১ চনৰ ১২,০০০ কোটি টকা দুগুনকৈ অধিক বৃদ্ধি হৈ ২০২৪-২৫ বর্ষত ২৬,০০০ কোটি টকা স্পর্শ কৰিছে।

আনহাতে পথ যোগাযোগৰ ক্ষেত্ৰতো ৰাজ্যখনে অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছে। ২০২১ চনৰ পৰা বর্তমানলৈকে ৰাজ্যখনত অসম মালা, প্রধানমন্ত্রী গ্রাম চড়ক যোজনা, মুখ্যমন্ত্ৰীৰ পথ-পৰ্কীকৰণ আঁচনি, ৰাষ্ট্ৰীয় ঘাইপথ প্রাধীকৰণ আদি বিভিন্ন প্ৰকল্পৰ অধীনত গড়ে প্রতিদিনে ১১৪ কিলোমিটাৰ পথ আৰু এখনকৈ দলং নিৰ্মাণৰ কাম হৈ আছে। ৰাজ্যখনত এই পয্যন্ত ১৫০০ কিলোমিটাৰ ৰে'লপথ বৈদ্যুতিকৰণ কৰা হৈছে বুলি প্ৰেছ বিবৃতিটোত উল্লেখ কৰা হৈছে। 

ইফালে, অহা ডিচেম্বৰ মাহত উদ্বোধন কৰা হ'ব গুৱাহাটী বিমানবন্দৰৰ নতুন টার্মিনেল। প্ৰেছ বিবৃতিটোত লগতে উল্লেখ কৰে যে, "ৰাজ্যখনৰ উগ্রপন্থী সমস্যাও এতিয়া প্রায় নাই বুলিবই পাৰি। বিগত সময়ছোৱাত ৰাজ্যখনৰ প্ৰায় ১১,০০০ৰো অধিক উগ্রপন্থাত বিশ্বাসী যুৱকে মূলসুঁতিলৈ ঘুৰি আহি সমাজ জীৱনৰ সৈতে মিলি গৈছে। কেন্দ্ৰীয় চৰকাৰে বিভিন্ন সময়ত উগ্রপন্থী সংগঠন সমূহেৰে কৰা আলোচনাত দিয়া প্রতিশ্রুতি অনুযায়ী অলপতে উন্নয়ন পেকেজৰ ধন ৪০০০ কোটি টকা মোকলাই দিয়াৰ ব্যৱস্থা কৰিছে।"

আনহাতে, "হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনে অতি সম্প্রতি অসমীয়া ভাষা সংস্কৃতি আৰু ঐতিহ্যৰ প্রতি ভাবুকি কঢ়িয়াই অনা শক্তিসমূহক কেল আশ্বাস বা প্রতিশ্রুতিৰে নহয়, হাতে কামে মোকাবিলা কৰিবলৈ প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিছে, যিয়ে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ মাজত এক আশাৰ সঞ্চাৰ কৰাৰ উপৰিও বিজেপি দল আৰু চৰকাৰখনৰ প্ৰতি আস্থা আৰু বিশ্বাস বৃদ্ধি কৰিছে" বুলিও সদৰি কৰে দলটোৰ মুখপাত্ৰ কিশোৰ উপাধ্যায়ে। 

বিজেপি বিজেপি চৰকাৰ অসম বিজেপি