আজি শ্বহীদ দিৱস...

আজি শ্বহীদ দিৱস, অসমৰ সৰ্ববৃহৎ গণ আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তৰ্পন কৰিবলৈ এই বিশেষ দিনটি ৰাজ্যবাসীয়ে পালন কৰি আহিছে শ্বহীদ দিৱস ৰূপে ।

author-image
Asomiya Pratidin
New Update
ৰৰক

ডিজিটেল ডেস্ক : আজি শ্বহীদ দিৱস, অসমৰ সৰ্ববৃহৎ গণ আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তৰ্পন কৰিবলৈ এই বিশেষ দিনটি ৰাজ্যবাসীয়ে পালন কৰি আহিছে শ্বহীদ দিৱস ৰূপে । ১৯৭৯ চনৰ আজিৰ দিনটোতেই বৰপেটাৰ যুৱক খৰ্গেশ্বৰ তালুকদাৰে আত্ম বলিদান দি ছবছৰীয়া আন্দোলন কালৰ প্ৰথম গৰাকী শ্বহীদ হয় । সেই বাবেই শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতিত ডিছেম্বৰৰ ১০ তাৰিখে ৰাজ্যজুৰি পালন কৰি অহা হৈছে শ্বহীদ দিৱস ।

এই শ্বহীদ দিৱসৰ সৈতে জড়িত হৈ আছে সহস্ৰাধিক লোকৰ ত্যাগ, আহুতি তথা জাতীয় প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন । ১৯৭৮ চনত মঙলদৈ উপ-নিৰ্বাচনৰ সময়ছোৱাত প্ৰকাশ হোৱা সংশোধিত ভোটাৰ তালিকাত প্ৰকাশ পাইছিল প্ৰায় ৪৫ হাজাৰ গৰাকী সন্দেহযুক্ত অবৈধ বিদেশী ভোটাৰৰ নাম ।

তাৰ পাছতেই ৰাজ্যত বিয়পি পৰে অবৈধ বিদেশী বহিষ্কাৰৰ দাবীৰ জুই । সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত গঢ় লৈ উঠা এই আন্দোলনত হেজাৰ হেজ‍াৰ অসমীয়াই যোগদান কৰি শক্তিশালী কৰি তুলিছিল আন্দোলনটোক । আৰক্ষী-সেনাৰ অত্যাচাৰৰ ফলত ৮৫৫ গৰাকীয়ে মৃত্যুক সাৱটি লোৱাৰ ওপৰিও চিৰদিনৰ বাবে কোঙা হৈ পৰিছিল বহু কেইগৰাকী লোক । কিন্তু তাৰ পাছতো থমকি ৰোৱা নাছিল আন্দোলনৰ তীব্ৰতা ।

ক্ৰমান্বয়ে বৃদ্ধি হৈ অথা দাবীৰ সন্মুখত কেন্দ্ৰীয় চৰকাৰে সেও মানি ৰাজ্য চৰকাৰৰ উদ্যোগত সাক্ষৰ কৰিছিল ঐতিহাসিক অসম চুক্তিত । এই আন্দোলনৰ ফলস্বৰূপেই অসমত জন্ম লাভ কৰিছিল আঞ্চলিক দল অসম গণ পৰিষদে । যি দুটাকৈ কাৰ্যকালৰ বাবে অসমৰ শাসনভাৰ তুলি লৈছিল নিজৰ হাতত । আন্দোলনৰ সময়ছোৱাৰ পৰাই ৮৫৫ গৰাকী শ্বহীদৰ সৰ্বোচ্চ অৰ্পনৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি পালন কৰি অহা হৈছে শ্বহীদ দিৱস ।

এইবেলি সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয় ভাৱে শ্বহীদ দিৱস উদযাপন কৰিছে গোৱালপাৰা জিলাত। আনহাতে ভাৰতীয় জনতা যুৱ মৰ্চাই জামুগুৰিহাটৰ পকামুৱা পথাৰত পালন কৰিছে শ্বহীদ দিৱস। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে উপস্থিত থাকে অনুষ্ঠানত।

অসম