/asomiyapratidin/media/media_files/2025/08/18/sdsdsdasda-2025-08-18-19-13-51.jpg)
ডিজিটেল সংবাদ, দিল্লীঃ সদৌ অসমীয়া ছাত্ৰ সংস্থাই নতুন দিল্লীত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত চা- চিনাকী নামৰ এক ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত কৰে ৷ অনুষ্ঠানত অসমীয়া ছাত্ৰ ছাত্ৰীয়ে গীত নৃত্য পৰিৱেশনেৰে লুধি গাৰ্ডেনত নান্দনিক পৰিৱেশৰ সৃষ্টি কৰে ৷ ইজনে সিজনৰ লগত চা- চিনাকি হৈ মনৰ ভাৱ প্ৰকাশ কৰে৷
অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অধ্যয়ন কৰাৰ উদ্দেশ্যে সহস্ৰাধিক ছাত্ৰ ছাত্ৰী ৰাজধানী দিল্লী মহানগৰলৈ যায় ৷ দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয় সমূহৰ লগতে আন আন শিক্ষানুষ্ঠানত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকল বিভিন্ন সময়ত অসুবিধাৰ সন্মুখীন হবলগীয়া হয় ৷ এনে সমস্যা দূৰীকৰণৰ লগতে নামভৰ্তি সহিতে আন আন ক্ষেত্ৰত সহায় কৰাৰ বাবে অসমৰ পৰা দিল্লীত অধ্যয়ন কৰিবলৈ যোৱা সচেতন ছাত্ৰ ছাত্ৰী সকলে গঠন কৰিছিল অসমীয়া ছাত্ৰ সংস্থা, দিল্লী নামৰ এক সংস্থা ৷ এই অসমীয়া ছাত্ৰ সংস্থাৰ সভানেত্ৰী কৃষ্ণালি পাঠক ,উপ সভাপতি মানস শৰ্মা আৰু সাধাৰণ সম্পাদক হৃশিকেশ কলিতা।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/18/whatsapp-2025-08-18-19-14-30.jpeg)
এই সংস্থাই দিল্লীৰ লোধি গাৰ্ডেনত চা- চিনাকি নামৰ এক অনুষ্ঠান অনুষ্ঠিত কৰে ৷ অসমৰ কেউখন জিলাৰ পৰা দিল্লীত অধ্যয়ন কৰিবলৈ বিভিন্ন শিক্ষানুষ্ঠানৰ যোৱা কেইবা শতাধিক ছাত্ৰ ছাত্ৰীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷ দিল্লীত অসমীয়া ছাত্ৰ ছাত্ৰীসকল কিদৰে ঐক্যবদ্ধ হৈ থাকিব লাগিব, যিকোনো বিপদত পৰস্পৰে পৰস্পৰক কিদৰে সহায় কৰিব লাগিব এই বিষয়ে সংস্থাৰ কৃষ্ণালী পাঠক, হৃষীকেশ কলিতা, মানস শৰ্মাকে আদিকৰি কেইগৰাকীও বিষয়ববীয়াই বক্তব্য আগবঢ়াই ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us