অসমীয়া ছাত্ৰী অৰণী এছ হাজৰিকাৰ কৃতিত্ব...

পৰাগ দাস  পথ নিবাসী অসম সন্তান অৰণী এচ হাজৰিকাই সুদুৰ ইংলেণ্ডৰ বিশ্ববিখ্যাত উচ্চশিক্ষাৰ প্ৰতিষ্ঠান অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত আৰু ধ্ৰুপদী হিন্দী বিষয়ত সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া হিচাপে বিৰল কৃতিত্ব অৰ্জ্জন কৰিছে

author-image
Asomiya Pratidin
New Update
62

ডিজিটেল সংবাদ, গুৱাহাটি : গুৱাহাটী মহানগৰৰ বামুনীমৈদামৰ পৰাগ দাস  পথ নিবাসী অসম সন্তান অৰণী এচ হাজৰিকাই সুদুৰ ইংলেণ্ডৰ বিশ্ববিখ্যাত উচ্চশিক্ষাৰ প্ৰতিষ্ঠান অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত আৰু ধ্ৰুপদী হিন্দী বিষয়ত সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া হিচাপে বিৰল কৃতিত্ব অৰ্জ্জন কৰিছে। বিশ্বৰ প্ৰচীনতম বিশ্ববিদ্যালয়খনৰ বিখ্যাত শ্বেল্ডনিয়ান থিয়েটাৰৰ প্ৰেক্ষাগৃহত শনিবাৰ অৰ্থাৎ আগষ্টৰ ৯ তাৰিখে বৃটিছ সময়মতে দুপৰীয়া এক বজাৰ পৰা অনুষ্ঠিত হোৱা আৰু বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্যকে ধৰি বিভিন্ন বিশ্ববিখ্যাত পণ্ডিত শিক্ষক আৰু গৱেষক উপস্থিত থকা ডিগ্ৰী প্ৰদান অনুষ্ঠানত ডিগ্ৰী গ্ৰহণ কৰি অৰণীয়ে 'সংস্কৃত আৰু ধ্ৰুপদী হিন্দী' বিষয়ত স্নাতক হোৱা সৰ্ব্ব প্ৰথম অসমীয়াৰূপে ৰাজ্যবাসীলৈও গৌৰৱ আৰু সন্মান কঢ়িয়াই আনে।

Advertisment

২১ বছৰীয়া অসম সন্তানগৰাকীয়ে ১২৬৩ চনতে জন দি বেলিঅলে প্ৰতিষ্ঠা কৰা আৰু ইংৰাজী ভাষা কোৱা পৃথিৱীখনৰ আটাইতকৈ পুৰণি মহাবিদ্যালয় হিচাপে চিহ্নিত উচ্চ মানদণ্ডৰ বেলিঅল মহাবিদ্যালয়ৰ ছাত্ৰী ৰূপে এছীয় আৰু মধ্যপ্ৰাচ্য অধ্যয়ন ( Department of Asian and Middle Eastern Studies)ৰ অধীনত সংস্কৃত আৰু ধ্ৰুপদী হিন্দীৰ স্নাতক পাঠ্যক্ৰম অধ্যয়ন কৰিছিল।

WhatsApp Image 2025-08-10 at 2.06.58 PM

উল্লেখযোগ্য যে জানিব পৰা মতে যোৱা কেইবাটাও দশকৰ ভিতৰত পৃথিৱীৰ এই প্ৰাচীণ আৰু বিখ্যাত বিশ্ববিদ্যালয়খনৰ পৰা বি এ ডিগ্ৰী লাভ কৰাৰ ক্ষেত্ৰটো প্ৰথম অসমীয়া হিচাপে অৰণীয়ে কৃতিত্ব অৰ্জন কৰিছে। গুৱাহাটীৰ চানমাৰি কৃষ্ণনগৰস্থিত হলি চাইল্ড উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী অৰণীয়ে দশম আৰু দ্বাদশ শ্ৰেণীৰ চি বি এচ ই পৰীক্ষাত অত্যন্ত সুখ্যাতি অৰ্জন কৰিছিল। 

দ্বাদশ শ্ৰেণীৰ শিক্ষান্ত পৰীক্ষাৰ পাছতে ১৮ বছৰ বয়সতে সংস্কৃত বিষয়ৰ স্নাতক পাঠ্যক্ৰমৰ বাবে অক্সফৰ্ড বিশ্ববিদ্যালয়ে অৰণীক নিৰ্বাচিত কৰিছিল। তাৰোপৰি বিশ্ববিদ্যালয়খনৰ অতি সন্মানীয় আৰু তীব্ৰ প্ৰতিযোগিতামূলক চাইমন এণ্ড জুন লী আন্দাৰগ্ৰেজুৱেট স্কলাৰশ্বিপ অৰণীয়ে লাভ কৰে।

২০২২ চনৰ অক্টোবৰ মাহৰ পৰা অৰণীয়ে এই পাঠ্যক্ৰমত যোগদান কৰে। পৃথিৱীৰ এই প্ৰাচীন শিক্ষানুষ্ঠানখনত পঢ়িবলৈ পোৱাৰ বিৰল কৃতিত্ব অৰ্জনকাৰীৰূপে চিহ্নিত হোৱা অৰণীয়ে পাঠ্যক্ৰমৰ সময়ত প্ৰস্তুত কৰা গৱেষণা পত্ৰখনৰো বিষয় আছিল অসমৰ বিশ্বখ্যাত নদীদ্বীপ মাজুলীত অৱস্থিত মহাপুৰুষ শংকৰদেৱ প্ৰতিষ্ঠিত দক্ষিণপাট সত্ৰত উপলব্ধ পোন্ধৰ শতিকাৰ সাঁচিপাতৰ পাণ্ডুলিপিৰ এক নিৰ্দ্দিষ্ট সময়ৰ আৰু লেখকৰ ৰচনাৰ প্ৰামাণিকৰণ( Standardization)।

এই বিৰল কৃতিত্ব অৰ্জ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা অৰণী এচ হাজৰিকা ৰাজ্যখনৰ জনপ্ৰিয় ফেংছুই-বাস্তু পৰামৰ্শদাতা আৰু সুকবি সুদক্ষিণা ভূঞা আৰু জ্যেষ্ঠ সাংবাদিক, লেখক-অনুবাদক তথা দ্য আসাম ট্ৰিবিউন কাকতৰ সহকাৰী সম্পাদক পাৰ্থপ্ৰতিম হাজৰিকাৰ একমাত্ৰ কন্যা।

শিক্ষাৰ্থী