কবিতা ৮০/ তোমালোকলৈ

author-image
Asomiya Pratidin
New Update
কবিতা ৮৮/ অশ্লীলতা

KOBITA

নীলিম কুমাৰ

মোৰ কলিজাটো ফালি-চিৰি

তোমালোকে কি কৰিবা

ক্ষত-বিক্ষত হৈ থাকিবলৈ মই

কেতিয়াবাই শিকিলো,

নখৰ তলত মোৰ

বালিচৰ কেতিয়াবাই গজিলে

মোৰ চকুপানীৰ পুখুৰীটোত

হাতখন ডুবাই চালো

মোৰ আইৰ মৃত্যুৰে

চেচা হৈ আছে

চকুপানী

মাজে মাজে মোৰ মৃত্যুৱে

আগতেই আহি

আইৰ সতে কথাপাতে

দুখৰ দীঘল গান এটি হৈ

চকুপানীৰ পুখুৰীটোৰ পাৰতে

বহি থাকে

জন্মিয়েই মৰি যোৱা

মোৰ ভনীজনী

ক্ষত-বিক্ষত হৈ থাকিবলৈ

কেতিয়াবাই শিকিছো

দোকানীবোৰক সোধা

এটি মুদ্ৰাও ধাৰ লোৱা নাই

শীতবোৰ যাপন কৰিবলৈ

কেতিয়াবাই জানিলো,

শিলনীত শুবলৈ

কেতিয়াবাই শিকিলো,

অনিদ্ৰাৰ পাৰে পাৰে

কোনে মোক চিনি পায় ?

মই অনিদ্ৰাত দেখা সপোনবোৰক

জানে কোনে?

গছবোৰক এৰি বতাহে

মোৰ লগতে কথা পাতে ৰাতি ৰাতি,

মানুহবোৰৰ টোপনি আহিলে

তৰাবোৰে নামি আহি

মোৰ বিচনাতে পৰি থাকে,

পুৰণি বান্ধবীৰ দৰে জোনজনীয়ে

বহি থাকে মোৰ মূৰ শিতানতে,

ডাৱৰবোৰে দৰব-তুলা লগায়

মোৰ ক্ষতবোৰত

মোৰ কামিজটো ফালি চিৰি

তোমালোকে কি কৰিবা

ক্ষত-বিক্ষত হৈ থাকিবলৈ কেতিয়াবাই শিকিলো

poem NILIM KUMAR